India West Indies ODI Guwahati: গুৱাহাটীত ভাৰত-ৱেষ্ট ইণ্ডিজৰ হাই-ভল্টেজ মেচ, যান-বাহন চলাচলক লৈ জৰুৰী নিৰ্দেশনা
India West Indies ODI Guwahati: বৰ্ষাপাৰা মেচক লৈ সাজু গুৱাহাটী, দৰ্শকৰ বাবে টিকট-নিৰাপত্তা-যান-বাহনৰ জৰুৰী নিৰ্দেশনা
৩০ ছেপ্টেম্বৰ, বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচক লৈ গুৱাহাটী সাজু হৈছে। সোমবাৰে অসম ক্ৰিকেট এছ’চিয়েশ্যনে জনোৱা মতে, এতিয়ালৈকে প্ৰায় ২০,০০০ টিকট বিক্ৰী হৈছে আৰু অনলাইনত প্ৰায় ২,০০০ টিকট এতিয়াও উপলব্ধ আছে (India West Indies ODI Guwahati)।
ষ্টেডিয়ামৰ ভিতৰত খাদ্যৰ বিপণী থাকিব। লগতে খাদ্য আৰু অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাসকলক ছপা মূল্যতকৈ অধিক দাম নল’বলৈ নিৰ্দেশ দিয়া হৈছে বুলি দত্তই জনায় (India vs West Indies 2nd ODI Guwahati)।
নিৰাপত্তাজনিত কাৰণত দৰ্শকে ষ্টেডিয়ামৰ ভিতৰলৈ কেৱল টকা ৰখা পাৰ্চ বা ৱালেট আৰু ম’বাইল ফোনহে লৈ যাব পাৰিব বুলি তেওঁ কয় (IND vs WI Barsapara Stadium)।
ভিৰ নিয়ন্ত্ৰণৰ বাবে মেচ আৰম্ভ হোৱাৰ প্ৰায় এঘণ্টাৰ পৰা ডেৰ ঘণ্টা আগতে ষ্টেডিয়ামৰ ৫ আৰু ৬ নম্বৰ গেট খুলি দিয়াৰ পৰিকল্পনা কৰা হৈছে।
মেচখনৰ সময়ত মনোৰঞ্জনৰ কোনো কাৰ্যসূচী নাথাকে বুলিও জানিবলৈ দিয়ে তেওঁ।
ইফালে, ট্ৰেফিক শাখাৰ এডিচিপি মৃণ্ময় গোস্বামীয়ে কয় যে পূৰ্বৰ মেচসমূহৰ সময়ত ৰূপায়ণ কৰা যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থাসমূহৰ সৈতে এইবাৰৰ নিয়মসমূহো প্ৰায় একে থাকিব। অৱশ্যে যান-জঁট হ্ৰাস কৰাৰ লক্ষ্যৰে কিছু পৰিৱৰ্তন কৰা হৈছে।
গোস্বামীয়ে কয়, “যান-বাহনৰ নিয়ম আৰু নিয়ন্ত্ৰণ পূৰ্বৰ দৰেই প্ৰায় একে থাকিব। অৱশ্যে এইবাৰ লখৰাৰ পৰা বিৰুবাৰী অথবা বিৰুবাৰীৰ পৰা লখৰালৈ অহা-যোৱা কৰা লোকসকলৰ বাবে যাতায়াত অধিক সুবিধাজনক হ’ব। নতুন বিৰুবাৰী-লালগণেশ উৰণসেতুৰ বাবে তেওঁলোকে যান-জঁট এৰাই চলিব পাৰিব।”
৩০ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা এ কে আজাদ ৰোড, এ কে দেৱ ৰোড আৰু বৰ্ষাপাৰালৈ যোৱা মূল পথত বাণিজ্যিক আৰু লেহেমীয়া গতিত চলা যান-বাহন, যেনে ৰিক্সা, ঠেলা আৰু ই-ৰিক্সাৰ চলাচল নিষিদ্ধ হ’ব।
যান-জঁটৰ সম্ভাৱনা থকাৰ বাবে মৰা ভৰলু ৰোডতো যান-বাহনৰ চলাচলত কিছু নিয়ন্ত্ৰণ আৰোপ কৰা হ’ব। লগতে দুয়োটা দলৰ খেলুৱৈ আৰু বিষয়াসকলে যাতায়াত কৰিবলগীয়া পথসমূহৰ কাষত কোনো ধৰণৰ গাড়ী ৰখাবলৈ দিয়া নহ’ব।
কুল বসুমতাৰী ৰোডত একমুখী যান-বাহন চলাচল কৰিব। লগতে ধীৰেনপাৰা দিশৰ পৰা এই পথত যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব।
ভিআইপি পাছ থকা বাহনসমূহ এ কে আজাদ ৰোডেৰে আহি ১বি নম্বৰ গেটেৰে ষ্টেডিয়ামত প্ৰৱেশ কৰিব লাগিব।
ড্ৰপ-অফ পাছ থকা বাহনসমূহ এ কে দেৱ ৰোডেৰে আহিলে ধীৰেনপাৰা তিনিআলিত যাত্ৰী নমাব লাগিব। আনহাতে, এ কে আজাদ ৰোডেৰে অহা বাহনসমূহে বৰ্ষাপাৰা তিনিআলিত যাত্ৰী নমাব লাগিব।
লগতে পঢ়ক: Team India in Guwahati: গুৱাহাটীত উপস্থিত ভাৰতীয় দল, বিৰাট-ৰোহিতক চাবলৈ অনুৰাগীৰ ভিৰ
