দেওবাৰে নিশা শিৱসাগৰৰ পৰিবহণ নিগমৰ বাছ আস্থানত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবাদত অংশ গ্ৰহণ কৰিবলৈ যোৱা ৰাইজৰ দলৰ কৰ্মীক বাধা শিৱসাগৰ আৰক্ষীৰ
শিৱসাগৰ পৰিবহণ নিগমৰ বাছ আস্থানত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে ৰাইজৰ দলৰ কৰ্মীসকলক শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নেতৃত্বত গুৱাহাটীত চলি থকা প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পৰা বাধা প্ৰদান কৰাৰ পিছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
গুৱাহাটী অভিমুখে ৰাওনা হোৱা নৈশ বাছসমূহত আৰক্ষীয়ে তীব্র তালাচী চলোৱাৰ লগতে সমগ্ৰ বাছ আস্থানটো কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰে আৱৰি পেলায়।
গুৱাহাটীলৈ অহা প্ৰতিখন নৈশ বাছতে আৰক্ষীয়ে তালাচী চলোৱাৰ লগতে শিৱসাগৰ পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা এখন বাছো জব্দ কৰে।নিশা আৰক্ষীৰ অভেদ্য চাউনীলৈ ৰূপান্তৰ শিৱসাগৰ পৰিবহণ নিগম আস্থান।
লগতে পঢ়ক: “এক সন্মিলিত কণ্ঠ হওক”; ঈশ্বৰ পুত্ৰৰ ন্যায়ৰ দাবীত বিক্ষোভ কাৰ্যসূচীৰ আহ্বান
