অসমৰ প্ৰস্তাৱিত বক্সিং একাডেমীয়ে যুৱ বক্সাৰসকলৰ বাবে এক শক্তিশালী মঞ্চৰ সৃষ্টি কৰিব বুলি লাভলীনা বৰগোহাঁয়ে মন্তব্য কৰিছে।
এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোঁহাইয়ে আশা প্ৰকাশ কৰিছে যে অসিমত তেওঁৰ নামত প্ৰস্তাৱিত বক্সিং একাডেমীখনে পৰৱৰ্তী প্ৰজন্মৰ বক্সাৰসকলৰ বাবে এটা সবল ভিত্তি প্ৰদান কৰিব। ৰাজ্য চৰকাৰে এই সুবিধাৰ বাবে মাত্ৰ ১ টকা নামমাত্ৰ ভূমি প্ৰিমিয়ামত চাৰি বিঘা মাটি আৱণ্টন কৰি অনুমোদন জনাইছে।
গুৱাহাটীস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI)ৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি লাভলীনা বৰগোঁহাইয়ে কয় যে এই একাডেমীখনে ৰাজ্যখনৰ উদীয়মান বক্সাৰসকলৰ বাবে প্ৰশিক্ষণৰ সুবিধা সম্প্ৰসাৰণ কৰাত সহায় কৰিব। যুৱ খেলুৱৈসকলক সহায় কৰিবলৈ উন্নত আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি লাভলীনাই কয়, ‘মই ইতিমধ্যে এখন সৰু একাডেমী চলাইছো, কিন্তু ইয়াত এতিয়াও হোষ্টেলৰ সুবিধা নাই।
তেওঁ লগতে কয়, “অসম চৰকাৰে আৱণ্টন দিয়া মাটিখনিৰ সহায়ত আমি ভৱিষ্যতৰ বাবে এটা সুন্দৰ প্লেটফৰ্ম নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিম।”
পালাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰি বিঘা মাটিৰ ভূমি প্ৰিমিয়াম হ্ৰাস কৰি ১ টকা কৰাৰ সিদ্ধান্ত ৯ অক্টোবৰত অসম কেবিনেটে অনুমোদন জনায়। কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত ঘোষণা কৰি কয় যে প্ৰস্তাৱিত এই সুবিধাসমূহে ৰাজ্যৰ বক্সিং প্ৰতিভাক বিকশিত কৰাত সহায় কৰিব আৰু যুৱ খেলুৱৈসকলক উন্নত প্ৰশিক্ষণৰ সুযোগ প্ৰদান কৰিব।
৯ অক্টোবৰত এটা প’ষ্টত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “আজিৰ অসম কেবিনেটৰ বৈঠকত আমি গুৱাহাটীৰ সমীপত ‘লাভলীনা বক্সিং একাডেমী’ স্থাপনৰ পথ প্ৰশস্ত কৰিছো, যাতে অসমৰ পৰৱৰ্তী প্ৰজন্মৰ লাভলীনাসকলে শ্ৰেষ্ঠ প্ৰশিক্ষণ লাভ কৰিব পাৰে আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে।”
জাপানত অনুষ্ঠিত এচিয়ান গেমছৰ মহিলাৰ ৭৫ কেজি বক্সিং শাখাত লাভলীনাই স্বৰ্ণ পদক লাভ কৰি অসমলৈ উভতি অহাৰ কেইটামান দিনৰ পিছতে এই সিদ্ধান্ত লোৱা হয়। নিজৰ প্ৰদৰ্শনৰ কথা স্মৰণ কৰি বৰগোঁহাইয়ে কয় যে তেওঁ পদক জয়ৰ হেঁচাক নিজৰ মনোযোগত প্ৰভাৱ পেলাবলৈ নিদি প্রতিযোগিতাত অৱতীৰ্ণ হৈছিল।
তেওঁ কয়, “মই মানসিকভাৱে সম্পূৰ্ণ মুক্ত আছিলো। মোৰ মূল লক্ষ্য কেৱল পদকৰ ওপৰত নহয়, বৰঞ্চ মোৰ শতকটা এশ ভাগ প্ৰদান কৰাৰ ওপৰত। মই ইয়াক উপভোগ কৰিছিলোঁ।” তেওঁ লগতে কয় যে জাপানে তেওঁৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে।
এই বিজয়ৰ জৰিয়তে লাভলীনা ২০১৪ চনত মেৰী কমে এই কৃতিত্ব অর্জন কৰাৰ পিছত এচিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ হৈ পৰিল। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনাই ইয়াৰ পূৰ্বে হাংঝৌত অনুষ্ঠিত ২০২২ৰ এচিয়ান গেমছৰ অনুৰূপ শাখাত ৰূপৰ পদক লাভ কৰিছিল।
প্ৰস্তাৱিত একাডেমীখনে উদীয়মান খেলুৱৈসকলক গঠনমূলক প্ৰশিক্ষণ আৰু উন্নত সুবিধা প্ৰদান কৰি অসমত তৃণমূল পৰ্যায়ৰ বক্সিং শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
