Voice of Eastern India

Bangladeshis detained in Goalpara: গোৱালপাৰাৰ হোটেলৰ পৰা আটক ১২ বাংলাদেশী


Bangladeshis detained in Goalpara: গোৱালপাৰাৰ হোটেলত সন্দেহজনক গতিবিধি, আৰক্ষীৰ জালত দুই শিশুসহ ১২ বাংলাদেশী।

অসমত অবৈধভাৱে প্ৰৱেশ কৰি গোৱালপাৰা চহৰত উপস্থিত হোৱা ১২জন বাংলাদেশী নাগৰিকক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন লোককেইজনৰ ভিতৰত দুটা শিশুও আছে। শুকুৰবাৰে নিশা এখন হোটেলত কোঠা বিচাৰিবলৈ যোৱাৰ সময়তে তেওঁলোকৰ গতিবিধি সন্দেহজনক যেন লগাত হোটেলৰ মালিকে আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতে আৰক্ষীয়ে তেওঁলোকক আটক কৰে (Bangladeshis detained in Goalpara)।

জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া লোককেইজন গোৱালপাৰা চহৰত উপস্থিত হৈছিল। নিশা কটাবলৈ তেওঁলোকে এখন স্থানীয় হোটেলত কোঠা বিচাৰে। কিন্তু তেওঁলোকৰ কথা-বতৰা শুনি হোটেলৰ মালিকৰ সন্দেহ হয়। পলম নকৰি তেওঁ আৰক্ষীক খবৰ দিয়ে (Bangladeshi nationals arrested)।

খবৰ লাভ কৰাৰ পিছতে গোৱালপাৰা নগৰ আৰক্ষী থানাৰ এটা দল হোটেলখনত উপস্থিত হয় আৰু লোককেইজনক আটক কৰি সোধা-পোছা কৰে। আৰক্ষীৰ জেৰাত তেওঁলোকে বাংলাদেশৰ পৰা সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা বুলি স্বীকাৰ কৰে।

আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি, প্ৰায় তিনিদিন পূৰ্বে বাংলাদেশৰ ছিলেট জিলাৰ পৰা অসমত প্ৰৱেশ কৰিছিল দলটোৱে। তাৰ পিছত কেইবাখনো জিলাৰ মাজেৰে আহি গোৱালপাৰা চহৰত উপস্থিত হৈছিল তেওঁলোক।

এই ঘটনাই পুনৰ ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। সীমান্ত পাৰ হৈ অহাৰ পিছত কেনেকৈ লোককেইজন অসমৰ ভিতৰলৈ ইমান দূৰ আহিবলৈ সক্ষম হ’ল, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

ইফালে, অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত আটকাধীন লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে গোৱালপাৰা আৰক্ষীয়ে। বৰ্তমান তেওঁলোকৰ পৰিচয় আৰু নথি-পত্ৰ পৰীক্ষা কৰি আছে আৰক্ষীয়ে। পৰৱৰ্তী আইনী প্ৰক্ৰিয়াও অব্যাহত আছে।

লগতে পঢ়ক: Himashri Boro death case: হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু! ৰেল মন্ত্ৰী আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী পত্ৰ

Source link



Source link

Leave A Reply

Your email address will not be published.