Voice of Eastern India

Zubeen Garg death case: ‘জুবিনৰ ন্যায়ৰ যুঁজত পৰাজয় স্বীকাৰ কৰিব নোৱাৰোঁ’- চৰকাৰ-বিৰোধীলৈ গৰিমাৰ স্পষ্ট সকীয়নি


Zubeen Garg death case: জুবিনৰ ন্যায়ক লৈ গৰিমাৰ কঠোৰ সকীয়নি, ‘এয়া হ’ব সমগ্ৰ অসমৰ পৰাজয়’

কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি দৃঢ় বাৰ্তা দিলে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ মৃত্যুৰ গোচৰত দোষীসকলে শাস্তি নাপালে সেয়া কেৱল পৰিয়ালটোৰ পৰাজয় নহয়, সমগ্ৰ অসমৰ পৰাজয় হ’ব বুলি মন্তব্য কৰিছে তেওঁ। এই যুঁজত চৰকাৰ, বিৰোধী আৰু ৰাজ্যৰ জনসাধাৰণ সকলোৱে নিজৰ দায়িত্ব পালন কৰিব লাগিব বুলিও কয় গৰিমাই (Zubeen Garg death case)।

গৰিমাই প্ৰশ্ন উত্থাপন কৰি কয় যে জুবিনৰ মৃত্যুৰ ঘটনাৰ সকলো তথ্য জনাৰ পাছতো দোষীসকল কেনেকৈ নিৰ্দোষী প্ৰমাণিত হ’ব পাৰে? তথ্য-প্ৰমাণ আৰু আইনী প্ৰক্ৰিয়াত কেনেকৈ সুৰুঙা থাকিব পাৰে বুলিও তেওঁ প্ৰশ্ন কৰে (Zubeen Garg justice)।

তেওঁৰ মতে, জুবিনৰ মৃত্যুৰ বাবে দায়ীসকলে যদি শাস্তিৰ পৰা সাৰি যায়, তেন্তে অসমত ন্যায় ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ বিশ্বাস অটুট থাকিবনে? এনে পৰিণামে ৰাজ্যখনত অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষমতাক লৈও প্ৰশ্নৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে গৰিমাই।

‘এয়া কেৱল জুবিনৰ পৰিয়ালৰ যুঁজ নহয়’

সামাজিক মাধ্যমত দিয়া এটা পোষ্টত গৰিমাই কয়-“ আমি একেবাৰে সাধাৰণ শান্তিপ্ৰিয় নাগৰিক.. কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ যাতে সমাজখনত নঘটে, সেইয়াই সদায় বিচাৰিছোঁ .. ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি বহু ধৈৰ্য্যৰে আগবাঢ়িছোঁ । নিজৰ মানুহজন, যি মোৰ পৃথিৱী, মোৰ জীৱনৰ সকলো.. তেওঁৰ লগত কি হৈছিল যোৱা বছৰৰ ১৯ছেপ্টেম্বৰ দিনটোত,সেই উত্তৰ পাবলৈকে অপেক্ষা কৰি আছোঁ নিজৰ ভিতৰত অহৰ্নিশ এখন যুদ্ধ লৈ । তাৰপিছতো, দোষী বুলি ইতিমধ্যে সকলো জনাৰ পিছতো হত্যাকাৰী দোষমুক্ত বুলি প্ৰমাণিত হয় কেনেকৈ? তথ্য,প্ৰমাণত আঁসোৱাহ আৰু ছিদ্ৰবোৰ থাকে কেনেকৈ ? যদি জুবিন গাৰ্গৰ হত্যাকাৰী সাৰি যায়, তেন্তে ন্যায় বুলি ৰাজ্যত থাকিল কি?”

জুবিনৰ মৃত্যুৰ গোচৰটো এতিয়া কেৱল পৰিয়ালটোৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বুলি উল্লেখ কৰে গৰিমাই। পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল যদিও এতিয়া এয়া ৰাজ্য আৰু অভিযুক্তৰ মাজৰ গোচৰ। সেয়েহে এই গোচৰৰ সৈতে সমগ্ৰ অসমৰ স্বাৰ্থ জড়িত হৈ আছে বুলি তেওঁ কয়।

ফেচবুক পোষ্টত তেওঁ কয়-“এই Case টো কেৱল জুবিন গাৰ্গ অথবা পৰিয়ালৰ নহয়। জুবিন গাৰ্গ ব্যক্তিজনো কেৱল আমাৰ পৰিয়ালৰ নহয়.. সকলোৰে, প্ৰতিজন সঁচা অসমীয়াৰ আপোন তেওঁ.. আৱেগ আৰু স্বাভিমান তেওঁ। যদিও আমি পৰিয়ালৰ পৰা FIR দিছো, এইটো case State Vs Accused ৰ। তাৰমানে সমগ্ৰ ৰাজ্য, চৰকাৰ – বিৰোধী আৰু সমগ্ৰ অসমবাসীৰ case.. ইয়াত যদি আমাৰ পক্ষ দুৰ্বল হয়, তেন্তে সেয়া জুবিন বা পৰিয়ালৰ পৰাজয় নহয়, সেয়া চৰকাৰ, বিৰোধী,ৰাজ্যবাসী আৰু সমগ্ৰ ৰাজ্যৰ পৰাজয় হ’ব। আৰু আমি কোনোপধ্যে এই পৰাজয় স্বীকাৰ কৰিব নোৱাৰোঁ।“

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তক শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে। জুবিন গাৰ্গ ঘটনাৰ গোচৰৰ এইটোৱেই প্ৰথমটো জামিন। ইয়াৰ পিছতে শনিবাৰে সামাজিক মাধ্যমযোগে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন পত্নী গৰিমাই (Zubeen Garg death case)।  

লগতে পঢ়ক: Zubeen Garg Death Case: জামিন লাভ কৰিলে অমৃতপ্ৰভা মহন্তই

Source link



Source link

Leave A Reply

Your email address will not be published.