Voice of Eastern India

‘এনকাউণ্টাৰ কৰিলেহে দেউতা,পেহী, দাদা, বৌয়ে ন্যায় পাব’; ভূদেৱ ভৰালীৰ কন্যাৰ ডাঙৰ মন্তব্য  


হোটেল বিলাস ইন কাণ্ডৰ পিছতে এতিয়া ভূদেৱ ভৰালীৰ কন্যাই এনকাউণ্টাৰ কৰিলেহে দেউতা,পেহী, দাদা, বৌয়ে ন্যায় পাব বুলি মন্তব্য কৰিছে।

গুৱাহাটীৰ হোটেল বিলাস ইনত পাঁচজনকৈ লোকক হত্যা কৰাৰ অভিযুক্ত ঘনকান্ত গগৈক লৈ আদালতৰ ওচৰত ন্যায়ৰ আকুল আহ্বান জনাই ভূদেৱ ভৰালীৰ কন্যাই এক ডাঙৰ দাবী কৰিছে। তেওঁ কৈছে যে, “যিদৰে তেওঁ আমাৰ পৰিয়ালৰ লোকসকলক হত্যা কৰিলে, ঠিক তেনেকৈ ঘনকান্ত গগৈকো হত্যা কৰা উচিত। ‘তাক এনকাউণ্টাৰ কৰিলেহে মোৰ দেউতা,পেহী, দাদা, বৌয়ে ন্যায় পাব।

তেওঁ  লগতে কয় যে, ঘনকান্ত গগৈয়ে আমাৰ পৰিয়ালটো শেষ কৰি পেলালে, গতিকে তাকো শীঘ্ৰেই এনকাউণ্টাৰ কৰক। আমাক আৰু বেলেগ ন্যায় নালাগে। 

তেওঁ আৰু কয় যে, ঘনকান্ত গগৈয়ে এই হত্যাকাণ্ড অকলে কৰা নাই, আমাৰ সন্দেহ তেওঁৰ লগত আৰু মানুহ জড়িত হৈ আছে। তাৰ লগত ৩ ৪ জন থাকিব লাগিব। নহ’লে অকলে এই কাম কৰিব নোৱাৰে।  সি আগৰ পৰাই ইয়াৰ বাবে সাজু হৈ আছিল । পূৰ্বে পৰিকল্পনা কৰিয়েই লগত পিষ্টল লৈ আহিছিল।  সি আমাৰ পৰিয়ালটোক এনেকৈ শেষ কৰিব নালাগিছিল।

ইফালে,  কামৰূপ (মেট্ৰ’) জিলা আদালতে ঘনকান্ত গগৈক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক: Guwahati Hotel Firing: নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল, মাতৃক বিচাৰি হাহাকাৰ দুই কণমানিৰ

Source link



Source link

Leave A Reply

Your email address will not be published.