Guwahati to Bangkok direct flight: বিদেশ যাত্ৰা হ’ব সহজ, গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমান আৰম্ভ
Guwahati to Bangkok direct flight: গুৱাহাটীৰ পৰা পোনে পোনে বেংকক। অসমৰ পৰ্যটন আৰু ব্যৱসায়লৈ নতুন সম্ভাৱনা।
অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমান যোগাযোগ ব্যৱস্থাত নতুন সংযোজন ঘটিল। ২৭ অক্টোবৰত ইণ্ডিগ’ই গুৱাহাটীৰ পৰা থাইলেণ্ডৰ ৰাজধানী বেংককলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰে। ইয়াৰ ফলত উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজত যাতায়াত অধিক সহজ হোৱাৰ পথ মুকলি হ’ল (Guwahati to Bangkok direct flight)।
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে এই সেৱাৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰাৰ লগতে যাত্ৰীসকলৰ হাতত বৰ্ডিং পাছো প্ৰদান কৰা হয়। বিমানবন্দৰৰ বিষয়া, বিমান সংস্থাৰ প্ৰতিনিধি আৰু অন্যান্য সংশ্লিষ্ট লোকসকল অনুষ্ঠানত উপস্থিত থাকে (IndiGo Guwahati Bangkok flight)।
নতুন বিমান সেৱাক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ইয়াৰ জৰিয়তে অসমৰ সৈতে বিশ্বৰ যোগাযোগ অধিক শক্তিশালী হ’ব। লগতে গুৱাহাটীক ভ্ৰমণ আৰু পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো এই পদক্ষেপে সহায় কৰিব।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই বিমান সেৱাই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিৰ লক্ষ্য পূৰণৰ দিশতো অৰিহণা যোগাব। এই নীতিৰ মূল উদ্দেশ্য হৈছে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু সহযোগিতা অধিক শক্তিশালী কৰা।
গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হোৱাৰ ফলত অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ যাত্ৰীসকলেও যথেষ্ট সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক: Guwahati Green Wall Project: সলনি হ’ব গুৱাহাটীৰ ৰূপ! উৰণ সেতুৰ তলত নিৰ্মাণ হ’ব সেউজীয়া দেৱাল
