Voice of Eastern India

“সাৰি নাযাব কোনো অবৈধ স্বামী”; বাল্য বিবাহক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য


বাল্য বিবাহ ৰোধ কৰিবৰ বাবে জিলাই জিলাই অবৈধ স্বামী বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। বৰ্তমানলৈকে ৫৬০ জনতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

অবৈধ স্বামী বিচাৰি ৰাজ্যত চলিছে অসম আৰক্ষীৰ অভিযান। বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা শেহতীয়া অভিযানত ৫৬০ জনতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি ২৯ অক্টোবৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। ৰাজ্যখনৰ পৰা এই সামাজিক ব্যাধি সম্পূর্ণৰূপে নিৰ্মূল নোহোৱালৈকে এই অভিযান অব্যাহত থাকিব বুলিও তেওঁ দৃঢ়তাৰে কয়।

সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে, “বৰ্তমানলৈকে ৫৬৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৪৮১ টা গোচৰ ৰুজু কৰা হৈছে। অসমৰ পৰা বাল্য বিবাহ নিৰ্মূল নোহোৱালৈকে এই অভিযান অব্যাহত থাকিব। অভিযুক্তসকলৰ প্ৰতিবাদ সত্ত্বেও এই অভিযান বন্ধ কৰা নহ’ব বুলিও তেওঁ কয়। যোৱা কেইবছৰমানৰ পৰা ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে চলাই থকা ধাৰাবাহিক অভিযানৰ সময়তে এই শেহতীয়া গ্ৰেপ্তাৰসমূহ কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২৬ চনৰ ভিতৰত অসম বাল্য বিবাহ মুক্ত হ’ব বুলি উল্লেখ কৰি দাবী কৰে  যে,অভিযানৰ সময়ত ১২,০০০ তকৈও অধিক গোচৰ ৰুজু কৰা হৈছে আৰু ১১,০০০ তকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ফলত ৰাজ্যখনৰ ২০ খন জিলাত বাল্য বিবাহ ৮১ শতাংশ হ্ৰাস পাইছে।  

Source link



Source link

Leave A Reply

Your email address will not be published.