Guwahati Hotel Bilas Inn shooting: ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ বাবে হোটেল বিলাস ইনলৈ লৈ যোৱা হ’ল ঘনকান্ত গগৈক।
উলুবাৰীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাৰ তদন্তৰ অংশ হিচাপে ২ নৱেম্বৰৰ পুৱা অভিযুক্ত ঘনকান্ত গগৈক ঘটনাস্থলীলৈ লৈ যায় আৰক্ষীয়ে। ঘটনাৰ পুনৰ দৃশ্যায়নৰ জৰিয়তে গুলীচালনাৰ সময়ত প্ৰকৃততে কি ঘটিছিল, সেয়া পুনৰ পৰীক্ষা কৰাৰ চেষ্টা চলোৱা হয়।
উল্লেখ্য, ২৬ অক্টোবৰৰ নিশা প্ৰায় ৯ বজাত জি এছ ৰোডৰ বৰা চাৰ্ভিচৰ সমীপত সংঘটিত এই গুলীচালনাত পাঁচজন লোকৰ মৃত্যু হৈছিল আৰু আন এজন লোক আহত হৈছিল (Guwahati Hotel Bilas Inn shooting)।
নিহতসকলৰ ভিতৰত আছিল হেলেনা ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি ইশান কাশ্যপ, বোৱাৰী ৰিনিকা, হেলেনাৰ ভাতৃ ভুদেৱ ভৰালী আৰু ভুদেৱৰ তত্ত্বাৱধায়ক বুলি জানিব পৰা নাৰায়ণ দাস। গুলীচালনাত আহত চালক সত্যেন্দ্ৰ পাঠকক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হৈছিল (Guwahati Hotel Shooting)।
ঘটনাৰ এঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰিছিল। লগতে গুলীচালনাত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা .৩২ কেলিবাৰৰ এটা পিষ্টল জব্দ কৰিছিল। প্ৰাথমিক তদন্তত হোটেল বিলাস ইনৰ লীজ নবীকৰণক লৈ চলি থকা বিবাদৰ দিশটোও পৰীক্ষা কৰা হৈছিল। ইয়াৰ সৈতে ভাড়াৰ বকেয়া আৰু বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ অভিযোগ জড়িত আছিল।
ইফালে, ১ নৱেম্বৰৰ নিশা পল্টন বজাৰ থানাত ঘনকান্ত গগৈৰ পত্নীক সোধা-পোছা কৰে আৰক্ষীয়ে। নিশা ১২ বজালৈ চলা জেৰাৰ পিছত তেওঁ স্বামীৰ সৈতে হোৱা কথোপকথনৰ বিষয়ে কেইবাটাও দাবী কৰা বুলি জানিব পৰা গৈছে (Guwahati murder case)।
তেওঁৰ ভাষ্য অনুসৰি, ঘটনাৰ পিছতে ঘনকান্তই তেওঁক ফোন কৰিছিল। লগতে কেইবাজনো লোকে স্বামীক হেঁচা দি আহিছিল বুলি ঘনকান্তই জনোৱাৰ লগতে তেওঁক আৰু কন্যাক সাৱধানে থাকিবলৈ সকীয়াই দিছিল বুলিও পত্নীয়ে দাবী কৰে।
গুলীচালনাৰ আঁৰৰ কাৰণ আৰু ঘটনাৰ সম্পূৰ্ণ ক্ৰম উদঘাটনৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে। ঘটনাস্থলীৰ পুনৰ দৃশ্যায়নৰ জৰিয়তে সংগ্ৰহ কৰা প্ৰমাণ আৰু সাক্ষ্যৰ সৈতে ঘটনাৰ বিৱৰণ মিলাই চোৱাৰ চেষ্টা চলোৱা হৈছে।
লগতে পঢ়ক: Assam Police Reshuffle: বিলাস ইন কাণ্ডৰ ২ তদন্তকাৰী আৰক্ষী বিষয়াৰ বদলি
