Goalpara Road Blockade: ভূমি বিধেয়কৰ বিৰুদ্ধে কলিতা জাতীয় সন্মিলনৰ প্ৰতিবাদ, এঘণ্টা স্তব্ধ যান-বাহন।
গোৱালপাৰাৰ আগিয়াত ভূমি আৰু ৰাজহ সংশোধনী বিধেয়ক, ২০২৬ৰ কেইবাটাও প্ৰস্তাৱিত ব্যৱস্থাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল কলিতা জনগোষ্ঠীৰ লোক। ২ নৱেম্বৰত কলিতা জাতীয় সন্মিলনৰ উদ্যোগত বাহিৰ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰায় এঘণ্টা ধৰি যান-বাহনৰ চলাচল ব্যাহত হয় (Goalpara Road Blockade)।
প্ৰস্তাৱিত বিধেয়কখনত কলিতা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু জনগোষ্ঠীটোৰ স্বীকৃতিক লৈ কেইবাটাও দাবী উত্থাপন কৰে সংগঠনটোৱে। ইয়াৰ ভিতৰত অন্যতম দাবী হৈছে, অসম ভূমি আৰু ৰাজহ সংশোধনী বিধেয়ক, ২০২৬ত কলিতা জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্ত কৰা।
ইয়াৰ উপৰি, খিলঞ্জীয়া বাসিন্দা হিচাপে স্বীকৃতি লাভৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ লোকসকলৰ পৰা তিনিটা প্ৰজন্মৰ নথি-পত্ৰ বিচৰাৰ প্ৰস্তাৱিত ব্যৱস্থাটো প্ৰত্যাহাৰৰ দাবী জনায় সংগঠনটোৱে। এই ক্ষেত্ৰত ২০০৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰাৰ ব্যৱস্থাকো বিৰোধিতা কৰে তেওঁলোকে।
আনহাতে, জনজাতীয় বেল্ট আৰু ব্লক, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল তথা স্বায়ত্তশাসিত অঞ্চলসমূহতো কলিতা জনগোষ্ঠীৰ লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ দাবী জনায় সংগঠনটোৱে।
এই দাবীসমূহ উত্থাপন কৰি সাব্যস্ত কৰা পথ অৱৰোধৰ ফলত প্ৰায় এঘণ্টা ধৰি ঘাইপথটোত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে। ফলত সেই পথেৰে যাতায়াত কৰা যাত্ৰী আৰু আন বাহনসমূহে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।
লগতে পঢ়ক: আল্লা হু আকবৰ ধ্বনিৰে বেদখলকাৰীৰ হাহাকাৰ; ধুবুৰীত উচ্ছেদ অভিযান
