ৰবীন্দ্ৰনাথ ঠাকুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমৰ “ৰীটেক”ৰ সাফল্য
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা দিগন্ত পাংগিঙক অভিনন্দন বিভিন্নজনৰ
গুৱাহাটী ১ নৱেম্বৰ ২০২৬ : ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণত আগ্ৰহী অসমৰ নৱাগত অভিনেতা- অভিনেত্ৰী, কলা-কূশলীয়ে বাস্তৱ জগতত সন্মূখীন হোৱা তিতা-মিঠা অভিজ্ঞতাক চিত্ৰ নাট্যৰ ৰূপত প্ৰতিফলিত কৰাত সফল হোৱা অসমৰ “ৰিটেক” চুটি ছবিখনে অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।
চুটি ছবি নিৰ্মাতা জিতুপৰ্ণ দাসৰ কাহিনী,চিত্ৰনাট্য সংলাপ আৰু পৰিচালনাত মুক্তি পোৱা “ৰিটেক”খনে ইন্টাৰনেছনেল টেগুৰ ফিল্ম ফেষ্টিৱেলত বেষ্ট ছাউণ্ড ডিজানীং আৰু বেষ্ট ফলী আৰ্টিষ্ট শাখাত দুটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
কলকাতাৰ ৰথীন্দ্ৰ মঞ্চত অনুষ্ঠিত হোৱা ৰবীন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬ত যোৱা ৩১ অক্টোবৰ দিনা এই বঁটা গ্ৰহণ কৰে “ৰিটেক” হিন্দী চলচ্চিত্ৰৰ পৰিচালক জিতুপৰ্ণ দাস, ছাউণ্ড ডিজানাৰ পাৰভেছ হাচমি আৰু অভিনেতা দিগন্ত পাংগিঙে।
“ৰিটেক” চলচ্চিত্ৰখৰ প্ৰযোজনা কীৰণ আৰু জয়ন্তী মিলি, জিন্টু কুমাৰ টিকুৰ চিত্ৰগ্ৰহণ, কালাৰিং সঞ্জীৱ বড়োৰ, সম্পাদনা জিতু,
সংগীত ব্যৱস্থাপনা পাৰভেছ, শব্দ মিশ্ৰণ ফিলিপছ নেওগ আৰু হিমাংশী মজুমদাৰৰ।
প্ৰণিধানযোগ্য যে, বলীউডৰ বহুল চৰ্চিত বিগবাজেটৰ চিনেমা “জেইলৰ-২”ত ভুমুকি মাৰি সফলতাৰে খ্যাতি অৰ্জন কৰা অভিনেতা দিগন্ত পাংগিং এগৰাকী টাইকোৱাণ্ডুৰ সমৰকলাবিদো।
যশস্বী পৰিচালক মঞ্জু বৰাৰ ৰজতকমল বঁটা প্ৰাপক চলচ্চিত্ৰ কয়াদ’ত সফল অভিনয়েৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা অভিনেতা দিগন্ত পাংগিঙৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব লাভ কৰাত অভিনন্দন জ্ঞাপন কৰিছে অসম লুতাদৰ সম্পাদক ড° অৰিন্দম প্ৰিন্স পাংগিং, মিচিং আগম কেবাঙৰ গুৱাহাটী শাখাৰ সম্পাদক ড° অভিজিত পায়েং, এন ই হাইজিন চল্যুছনছৰ পৰিচালন সঞ্চালক নৱ কামান, ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছন অৱ অসমৰ সভাপতি মাৰ্কোচ বসুমতাৰী আৰু বিভিন্ন দল সংগঠনৰ বিষয়-ববীয়াই।






