Voice of Eastern India

Local Holiday in Assam: দীপাৱলী উপলক্ষে এইখন জিলাত স্থানীয় বন্ধ ঘোষণা


Local Holiday in Assam: দীপাৱলীৰ আনন্দৰ মাজতে চৰকাৰৰ বিশেষ ঘোষণা, ৯ নৱেম্বৰত কি বন্ধ থাকিব?

দীপাৱলী উপলক্ষে কামৰূপ মহানগৰ জিলাত ৯ নৱেম্বৰ, সোমবাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে। সেইদিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ লগতে বিত্তীয় প্ৰতিষ্ঠানসমূহো বন্ধ থাকিব (Local Holiday in Assam)।

এই সন্দৰ্ভত ৰাজ্যপালৰ নিৰ্দেশমৰ্মে সাধাৰণ প্ৰশাসন বিভাগে ইতিমধ্যে অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি, কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সকলো ৰাজ্য চৰকাৰৰ কাৰ্যালয় আৰু শিক্ষানুষ্ঠান এই বন্ধৰ আওতাত পৰিব।

আনহাতে, বিত্তীয় প্ৰতিষ্ঠানসমূহো ৯ নৱেম্বৰত বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। Negotiable Instruments Act, 1881-ৰ ২৫নং ধাৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ১৯৫৭ চনৰ ৮ জুনত জাৰি কৰা অধিসূচনাৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (Kamrup Metro Diwali Local Holiday)।

উল্লেখ্য যে, এইবাৰ ৮ নৱেম্বৰ, দেওবাৰে পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী। উৎসৱৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পিছদিনা কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

লগতে পঢ়ক: Guwahati to Bangkok direct flight: বিদেশ যাত্ৰা হ’ব সহজ, গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমান আৰম্ভ

Source link



Source link

Leave A Reply

Your email address will not be published.