Voice of Eastern India

Sivasagar Eviction Drive: শিৱসাগৰৰ ঐতিহাসিক যমুনাত পৰিল বুলড’জাৰৰ কোব


Sivasagar Eviction Drive: ঐতিহাসিক যমুনাত বুলড’জাৰৰ কোব প্ৰশাসনৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ।

শিৱসাগৰৰ ঐতিহাসিক যমুনা বিল বেদখলমুক্ত কৰাৰ লক্ষ্যৰে শনিবাৰে উচ্ছেদ অভিযান চলায় জিলা প্ৰশাসনে। ৭ নৱেম্বৰত পুৱাৰে পৰা জলাশয়ৰ পাৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি অঞ্চলটোত মোতায়েন কৰা হয় বিশাল আৰক্ষী আৰু প্ৰশাসনৰ দল। প্ৰশাসনৰ জাননীৰ পাছতে একাংশ বেদখলকাৰীয়ে নিজেই ঘৰ-দুৱাৰ ভাঙি আঁতৰিবলৈ আৰম্ভ কৰে (Sivasagar Eviction Drive)।

উল্লেখ্য যে, ঐতিহাসিক জলাশয়টোত দীৰ্ঘদিন ধৰি চলি অহা বেদখলক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। শেহতীয়াকৈ সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ই বেদখলৰ বিৰুদ্ধে নিজাববীয়াকৈ একেৰাহে তিনিদিন ধৰি অভিযান চলাইছিল। এই সময়ছোৱাত জলাশয়ৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰা বুলি অভিযোগ উঠা কেইবাটাও অবৈধ নিৰ্মাণ ভাঙি পেলাইছিল সংগঠনটোৰ সদস্যসকলে।

ইয়াৰ পাছতে ৬ নৱেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছিল আটাছুৱে। অৱশ্যে প্ৰশাসনে ৭ নৱেম্বৰত নিজাববীয়াকৈ উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত ঘোষণা কৰাত বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে সংগঠনটোৱে।

প্ৰশাসন আৰু আটাছুৰ মাজত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই এই অভিযান ছলোৱা হয়। ঐতিহাসিক যমুনা বিলৰ পৰা বেদখল আঁতৰাই জলাশয়টোক পুনৰ বেদখলমুক্ত কৰাই এই অভিযানৰ মূল লক্ষ্য।

লগতে পঢ়ক: মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড; দাউ দাউ কৈ জ্বলি উঠিল দোকান

Source link



Source link

Leave A Reply

Your email address will not be published.