Tengakhat Tank Farm Fire: টেঙাখাতৰ ঘটনাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল, হাস্পতালত উপস্থিত হৈ ল’লে আহতৰ খবৰ
Tengakhat Tank Farm Fire: টেঙাখাতৰ অগ্নিকাণ্ডৰ পিছতে তৎপৰ সোণোৱাল, আহতসকলৰ উন্নত চিকিৎসাৰ দিলে নিৰ্দেশ।
ডিব্ৰুগড়ৰ টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ টেংক ফাৰ্মত সংঘটিত ভয়ংকৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ডত আহতসকলৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শনিবাৰে তেওঁ আস্থা হাস্পতালত উপস্থিত হৈ আহতসকলৰ চিকিৎসাৰ অগ্ৰগতিৰ বুজ লয় (Tengakhat Tank Farm Fire)।
হাস্পতালখনত চিকিৎসক আৰু কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি আহতসকলৰ শাৰীৰিক অৱস্থাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে।
উল্লেখ্য যে শুকুৰবাৰে সংঘটিত এই বিস্ফোৰণ আৰু অগ্নিকাণ্ডত মুঠ ৭জন লোক গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰে তিনিজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে (Dibrugarh Tengakhat Explosion)।
এই ঘটনাক অত্যন্ত শোকাৱহ আখ্যা দি সোণোৱালে কয় যে আহতসকলৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক। তেওঁলোকক উন্নত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ হেমাহি নকৰিবলৈ অইল ইণ্ডিয়া লিমিটেডক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।
লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰো দাবী জনায় তেওঁ। ঘটনাটোৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে সংশ্লিষ্ট বিভাগৰ দ্বাৰা উচ্চপৰ্যায়ৰ তদন্তৰ পোষকতা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ইফালে, সামাজিক মাধ্যম এক্সযোগে সোণোৱালে জনোৱা মতে, টেঙাখাতৰ ঘটনাৰ বিষয়ে বুজ ল’বলৈ তেওঁ অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ সৈতেও টেলিফোনযোগে কথা পাতিছে। আহতসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে নিহতসকলৰ পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ বাবে তেওঁ বিষয়াগৰাকীক আহ্বান জনায়।
ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে চিকিৎসাধীনসকলৰ শীঘ্ৰে আৰোগ্য কামনা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
লগতে পঢ়ক: টেঙাখাতৰ অইলৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি
