Voice of Eastern India

Zubeen Garg Birthday: ‘প্ৰতিটো প্ৰজন্মৰ হৃদয়ত জীয়াই থাকিব জুবিন’, জন্মদিনত স্মৰণ মুখ্যমন্ত্ৰীৰ


Zubeen Garg Birthday: ‘জুবিন এতিয়াও আমাৰ মাজতে আছে’, জন্মদিনত আৱেগিক হৈ পৰিল মুখ্যমন্ত্ৰী।

জুবিন গাৰ্গ নাই, কিন্তু অসমীয়াৰ হৃদয়ত আজিও জীৱন্ত তেওঁ। প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনত এইদৰেই স্মৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে (১৮ নৱেম্বৰ) ছ’চিয়েল মিডিয়াযোগে জুবিনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এক আৱেগিক বাৰ্তা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Zubeen Garg Birthday)।

ফেচবুকত প্ৰকাশ কৰা পোষ্টটোত মুখ্যমন্ত্ৰীয়ে কয় যে জুবিনৰ অনন্য কণ্ঠ, সংগীত আৰু হৃদয়স্পৰ্শী সৃষ্টিয়ে তেওঁক অসমৰ লাখ লাখ পৰিয়ালৰ আপোন কৰি তুলিছিল। তেওঁৰ ব্যক্তিত্ব আৰু সৃষ্টিৰাজিয়ে মানুহৰ মনত যি স্থান দখল কৰিলে, সেয়া কেতিয়াও মচ খাই নাযায় (Zubeen Garg Birth Anniversary)।

মুখ্যমন্ত্ৰীয়ে লিখিছে, “আমাৰ জুবিনে তেওঁৰ অনন্য সংগীত, কণ্ঠ, হৃদয়স্পৰ্শী সৃষ্টি আৰু ব্যক্তিত্বৰে লাখ লাখ পৰিয়ালৰ আপোন হৈ পৰিছিল। জুবিন এতিয়াও আমাৰ মাজতে আছে, আমাৰ হৃদয়ৰ অতি কাষত আছে। জুবিনৰ প্ৰতি অসমৰ অকৃত্ৰিম মৰম, স্নেহ আৰু আৱেগ ৰাজ্যৰ প্ৰতিটো কোণত, প্ৰতিটো প্ৰজন্মৰ হৃদয়ত এনেদৰেই প্ৰতিধ্বনিত হৈ থাকিব। জন্মদিনৰ শুভেচ্ছা জুবিন!”

ইফালে, জুবিনৰ জন্মদিন উপলক্ষে বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুৰাগীসকলে শিল্পীগৰাকীক স্মৰণ কৰে। কেৱল সংগীতপ্ৰেমীয়েই নহয়, সমাজৰ বিভিন্ন স্তৰৰ লোকেও প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। জুবিনৰ গীত আৰু সৃষ্টিৰাজিয়ে আজিও অসমীয়া সাংস্কৃতিক জগতত বিশেষ স্থান অধিকাৰ কৰি আছে।

উল্লেখ্য যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অকাল মৃত্যুক সাৱটি লৈছিল জুবিন গাৰ্গে। তেওঁৰ মৃত্যুত সমগ্ৰ অসম শোকত ভাগি পৰিছিল। এবছৰ নৌহওঁতেই তেওঁৰ অনুপস্থিতিয়ে অনুৰাগীসকলৰ মনত গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে। তথাপি গীতৰ মাজেৰে জুবিন আজিও জীয়াই আছে অসমীয়াৰ হৃদয়ত।

লগতে পঢ়ক: Zubeen Garg birth anniversary: জুবিনৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস, বৰপেটাত উন্মোচন ‘জুবিন প্ৰাংগণ’

Source link





Source link

Leave A Reply

Your email address will not be published.