Zubeen Garg Birth Anniversary: জুবিন গাৰ্গ- যাৰ কণ্ঠত প্ৰতিধ্বনিত হয় অসম, যাৰ সুৰত জীয়াই থাকে এটা প্ৰজন্ম
Zubeen Garg Birth Anniversary: জুবিনৰ গীতত কেৱল সুৰ নাছিল, লুকাই আছিল এটা প্ৰজন্মৰ সুখ-দুখৰ কাহিনী।
কিছুমান মানুহৰ পৰিচয় তেওঁলোকৰ কৰ্মৰ মাজতে সীমাবদ্ধ নাথাকে। সময়ৰ লগে লগে তেওঁলোক হৈ পৰে একোটা জাতিৰ আৱেগ, একোটা প্ৰজন্মৰ স্মৃতি। জুবিন গাৰ্গ আছিল তেনে এক ব্যতিক্ৰমী সত্তা। তেওঁৰ গান কেৱল শুনা নহয়, অনুভৱ কৰিছিল মানুহে। সেয়েহে তেওঁৰ অনুপস্থিতিতো তেওঁৰ সুৰৰ পৰা নিজকে আঁতৰাই ৰাখিব পৰা নাই অসমবাসীয়ে (Zubeen Garg Birth Anniversary)।
১৮ নৱেম্বৰ, ১৯৭২ত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গৰ আজি ৫৪সংখ্যক ওপজা দিন। ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত তেওঁৰ আকস্মিক মৃত্যুৱে ৰাজ্যবাসীক গভীৰ শোকত পেলাইছিল। সেয়ে এইবাৰৰ ওপজা দিনটোত আনন্দতকৈ স্মৃতি আৰু আৱেগৰ প্ৰাধান্যই অধিক। অসমৰ বাবে এয়া কেৱল এগৰাকী শিল্পীৰ জন্মদিন নহয়, নিজৰ মাজৰে এজন আপোন মানুহক স্মৰণ কৰাৰ দিন (Zubeen Garg 54th Birth Anniversary)।
জুবিনৰ জনপ্ৰিয়তা অসমৰ ভৌগোলিক সীমাত আবদ্ধ নাছিল। সমগ্ৰ দেশৰ লগতে বিদেশতো তেওঁৰ গীতৰ আছিল বিপুল সমাদৰ। ভাষা বেলেগ হ’লেও তেওঁৰ কণ্ঠই অগণিত মানুহৰ মন স্পৰ্শ কৰিব পাৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত আৰু সংস্কৃতিক বৃহত্তৰ পৰিসৰত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰতো তেওঁৰ ভূমিকা আছিল বিশেষ।
অসমত জুবিনক লৈ থকা উন্মাদনাৰ ছবিখন আছিল আৰু অধিক সুকীয়া। পথৰ কাষৰ চাহৰ দোকানত হওক, বিহুৰ অনুষ্ঠানত হওক অথবা দীঘলীয়া বাটৰ যাত্ৰাতেই হওক, তেওঁৰ গান বাজিলেই বহুতে আপোনা-আপুনি কণ্ঠ মিলাইছিল। তেওঁৰ গীত শুনিবলৈ কোনো বিশেষ আয়োজনৰ প্ৰয়োজন হোৱা নাছিল। দৈনন্দিন জীৱনৰ প্ৰতিটো পৰ্যায়তে জুবিনৰ গানৰ উপস্থিতি আছিল (Zubeen Garg Musical Journey)।
সেইবাবেই তেওঁ কেৱল এজন জনপ্ৰিয় গায়ক হৈ থকা নাছিল। এটা প্ৰজন্মই তেওঁৰ গান শুনি ডাঙৰ হৈছে, তেওঁৰ গীতৰ মাজতে বিচাৰি পাইছে নিজৰ জীৱনৰ বহু ভাল লগা আৰু বেয়া লগা মুহূৰ্ত।
অসমীয়া সংগীতৰ ধাৰাই সলনি কৰি দিছিল জুবিনে
এটা সময়ত আঞ্চলিক সংগীতৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আছিল নতুন প্ৰজন্মৰ ৰুচিৰ সৈতে খাপ খোৱা। আধুনিক সংগীতৰ প্ৰভাৱ বাঢ়ি অহাৰ সময়তো নিজৰ ভাষা আৰু সংস্কৃতিৰ স্বকীয়তা কেনেকৈ বৰ্তাই ৰাখিব পাৰি, সেয়া আছিল এক ডাঙৰ প্ৰশ্ন।
জুবিন গাৰ্গে নিজৰ ধৰণেৰে এই প্ৰত্যাহ্বানৰ উত্তৰ দিছিল। অসমীয়া সংগীতৰ সৈতে সম্পৰ্ক অটুট ৰাখিয়েই তেওঁ ৰক, পপ আৰু আধুনিক সংগীতৰ বিভিন্ন শৈলীৰে পৰীক্ষা-নিৰীক্ষা কৰিছিল। নতুন সুৰ, নতুন সংগীত সংযোজন আৰু আধুনিক উপস্থাপনেৰে অসমীয়া সংগীতক দিছিল এক নতুন মাত্ৰা।
বিশেষকৈ তেওঁৰ আৰম্ভণিৰ এলবাম ‘অনামিকাই’-ই অসমীয়া সংগীতৰ শ্ৰোতাৰ মাজত নতুন ধাৰাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিছিল।
জুবিনৰ বাবে অসমীয়া ভাষা কেতিয়াও সংগীতৰ সীমাবদ্ধতা নাছিল। এই ভাষাতো সকলো ধৰণৰ অনুভূতি, আৱেগ আৰু সংগীতৰ বৈচিত্ৰ্য প্ৰকাশ কৰিব পাৰি বুলি তেওঁ নিজৰ সৃষ্টিৰ মাজেৰে প্ৰমাণ কৰিছিল।
তেওঁৰ গীতত নতুন প্ৰজন্মই বিচাৰি পাইছিল আধুনিকতাৰ সোৱাদ, আনহাতে নিজৰ ভাষাৰ সৈতে থকা আত্মিক সম্পৰ্কও অটুট ৰাখিছিল। অসমীয়া সংগীতক সময়ৰ সৈতে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ এই অৱদান আছিল অতি গুৰুত্বপূৰ্ণ।
প্ৰতিজন শ্ৰোতাৰ বাবে কিয় বেলেগ আছিল জুবিন?
জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ বিশেষত্ব আছিল তেওঁৰ গীতে মানুহৰ ব্যক্তিগত অনুভূতিকো আপোন কৰি তুলিব পাৰিছিল।
তেওঁৰ প্ৰেমৰ গীতত বহুতে বিচাৰি পাইছিল নিজৰ ভালপোৱাৰ কাহিনী। বিষাদভৰা সুৰবোৰে কাৰোবাৰ বিচ্ছেদৰ বেদনাক প্ৰকাশ কৰিছিল। আকৌ উদ্দীপনাময় গীতবোৰে বিহু, উৎসৱ, বন্ধুত্ব আৰু আনন্দৰ মুহূৰ্তবোৰক কৰি তুলিছিল অধিক স্মৰণীয়।
সেইবাবেই সকলোৰে বাবে জুবিন একেই নাছিল। কাৰোবাৰ বাবে তেওঁ কলেজীয়া জীৱনৰ স্মৃতি, কাৰোবাৰ বাবে শৈশৱৰ দিনবোৰৰ সৈতে জড়িত এক চিনাকি কণ্ঠ। বহু লোকৰ বাবে তেওঁৰ গান আছিল বিহুৰ আনন্দ, বন্ধুৰ সৈতে কটোৱা সময় অথবা ঘৰলৈ উভতি অহাৰ বাটৰ সংগী।
জুবিনৰ গীতৰ সৈতে মানুহৰ এনে এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল, যি সময়ৰ লগে লগে অধিক গভীৰ হৈছিল।
আজিও তেওঁৰ কোনো চিনাকি গীত শুনিলে বহু মানুহৰ মনলৈ উভতি আহে পুৰণি দিনৰ কথা, আপোনজনৰ স্মৃতি অথবা জীৱনৰ কোনো পাহৰিব নোৱাৰা মুহূৰ্ত। যেন তেওঁৰ প্ৰতিটো গীতৰ আঁৰত লুকাই আছে কাৰোবাৰ জীৱনৰ একোটা কাহিনী।
সেই অৰ্থত জুবিনৰ সংগীত কেৱল মনোৰঞ্জনৰ মাধ্যম হৈ থকা নাছিল। এটা প্ৰজন্মৰ সুখ-দুখ, প্ৰেম-বিচ্ছেদ আৰু জীৱনৰ অলেখ স্মৃতিৰ সৈতে তেওঁৰ গীতবোৰ এনেদৰে জড়িত হৈ পৰিছিল যে তেওঁক পাহৰি যোৱাটো সহজ নহয়।
অসমৰ পৰিচয় বুকুত লৈয়ে দেশজুৰি বিয়পিছিল জুবিনৰ জনপ্ৰিয়তা
২০০৬ চনত মুক্তি পোৱা হিন্দী ছবি ‘Gangster’ৰ ‘Ya Ali’ গীতটোৱে জুবিন গাৰ্গক দেশজুৰি এক নতুন পৰিচয় দিছিল। অসমত ইতিমধ্যে জনপ্ৰিয় হৈ পৰা তেওঁৰ কণ্ঠ এইবাৰ দেশৰ বিভিন্ন প্ৰান্তৰ সংগীতপ্ৰেমীৰ মাজতো সমাদৃত হৈছিল।
কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাৰ পিছতো তেওঁ নিজৰ ভাষা আৰু সংস্কৃতিৰ পৰা আঁতৰি যোৱা নাছিল। অসমীয়া সংগীতৰ চৰ্চা অব্যাহত ৰখাৰ লগতে আঞ্চলিক সাংস্কৃতিক অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰিছিল। বিভিন্ন ভাষা আৰু সংগীতৰ ধাৰাৰ সৈতে কাম কৰিলেও নিজৰ শিপাৰ সৈতে থকা সম্পৰ্ক অটুট ৰাখিছিল।
জুবিনৰ এই যাত্ৰাই এটা কথা স্পষ্ট কৰি দিছিল- নিজৰ আঞ্চলিক পৰিচয়ক লগত লৈয়ো ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিব পাৰি।
মূলসুঁতিৰ ভাৰতীয় মনোৰঞ্জন জগতত উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পীসকলে পৰ্যাপ্ত পৰিচিতি লাভ কৰাটো সহজ নাছিল। তেনে সময়ত জুবিনৰ সফলতাই অঞ্চলটোৰ বহু যুৱ সংগীতশিল্পীৰ বাবে নতুন আশাৰ বাট মুকলি কৰিছিল।
তেওঁৰ পৰা নতুন প্ৰজন্মই শিকিছিল যে সফলতাৰ বাবে নিজৰ ভাষা, সংস্কৃতি আৰু পৰিচয় বিসৰ্জন দিয়াৰ প্ৰয়োজন নাই। বৰঞ্চ নিজৰ শিপাৰ সৈতে জড়িত থাকিও বহুদূৰ আগুৱাই যাব পাৰি।
জুবিন গাৰ্গৰ জীৱন আৰু সংগীতৰ এই যাত্ৰাই তেওঁক কেৱল অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী হিচাপেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক চিনাকি কণ্ঠ হিচাপেও প্ৰতিষ্ঠা কৰিছিল।
সময় সলনি হ‘ব, প্ৰজন্ম সলনি হ‘ব। কিন্তু জুবিনৰ গীতৰ সৈতে জড়িত হৈ থকা মানুহৰ স্মৃতিবোৰ কেতিয়াও পুৰণি নহয়। হয়তো সেইবাবেই তেওঁ আজি নাই যদিও তেওঁৰ কণ্ঠ প্ৰতিধ্বনিত হৈ থাকিব প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত।
লগতে পঢ়ক: Zubeen Garg Birthday: ‘প্ৰতিটো প্ৰজন্মৰ হৃদয়ত জীয়াই থাকিব জুবিন’, জন্মদিনত স্মৰণ মুখ্যমন্ত্ৰীৰ
