Zubeen Kshetra: প্ৰজন্মৰ পাছত প্ৰজন্মই অনুভৱ কৰিব জুবিনক, ‘জুবিন ক্ষেত্ৰ’ৰ প্ৰথম পৰ্যায়ৰ কামলৈ ১৫ কোটি।
জুবিন গাৰ্গৰ সৃষ্টি আৰু অৱদানক অনাগত প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনৰ দিনাই ‘জুবিন ক্ষেত্ৰ’ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে ১৫ কোটি টকা অনুমোদন জনোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Zubeen Kshetra)।
১৮ নৱেম্বৰত জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমযোগে তেওঁ জানিবলৈ দিয়ে যে ‘জুবিন ক্ষেত্ৰ’ৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰাৰ বাবে চৰকাৰে অনুমোদন জনাইছে (Zubeen Garg Birth Anniversary)।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ সংগীত, সৃষ্টিশীলতা আৰু সাংস্কৃতিক অৱদানক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাই এই প্ৰকল্পৰ অন্যতম উদ্দেশ্য। এই ক্ষেত্ৰৰ জৰিয়তে ভৱিষ্যৎ প্ৰজন্মই জুবিনৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে জানিব পাৰিব। তেওঁৰ সৃষ্টিৰ সৈতে পৰিচিত হোৱাৰ লগতে অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানকো ওচৰৰ পৰা উপলব্ধি কৰাৰ সুযোগ লাভ কৰিব।
উল্লেখ্য যে জুবিন গাৰ্গ কেৱল এগৰাকী সংগীত শিল্পীয়েই নহয়, অসমৰ সাংস্কৃতিক পৰিচয়ৰো এক অবিচ্ছেদ্য অংশ। তেওঁৰ গীত আৰু সৃষ্টিৰাজিয়ে প্ৰজন্মৰ পাছত প্ৰজন্মক প্ৰভাৱিত কৰি আহিছে। এনে এগৰাকী শিল্পীৰ স্মৃতি সংৰক্ষণ আৰু তেওঁৰ সৃষ্টিৰাজি যুগমীয়া কৰি ৰখাৰ দিশত ‘জুবিন ক্ষেত্ৰ’ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
