Guns N Roses Guwahati Concert: ‘মামা, ইউ আৰ দ্য বেষ্ট!’ গানছ এন’ ৰ’জেছৰ অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰীক প্ৰশংসা অনুৰাগীৰ
Guns N Roses Guwahati Concert: গুৱাহাটীত গানছ এন’ ৰ’জেছৰ ধুমুহা! ৰক সংগীতত মতলীয়া হাজাৰ হাজাৰ অনুৰাগী।
গুৱাহাটীত এক ব্যতিক্ৰমী সংগীতময় সন্ধিয়া। বিশ্ববিখ্যাত আমেৰিকান ৰক বেণ্ড গানছ এন’ ৰ’জেছৰ সংগীতেৰে মুখৰিত হৈ পৰিল খানাপাৰা। উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ অহা বেণ্ডটোক এবাৰ চাবলৈ মঙলবাৰে নিশা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সমবেত হয় হাজাৰ হাজাৰ অনুৰাগী (Guns N Roses Guwahati Concert)।
মঞ্চত প্ৰিয় বেণ্ডটোক দেখাৰ লগে লগে উচ্ছ্বাসত ফাটি পৰে দৰ্শকৰ মাজত। Welcome to the Jungle, Sweet Child O’ Mine আৰু November Rainৰ দৰে জনপ্ৰিয় গীতেৰে অনুৰাগীক আপ্লুত কৰে বেণ্ডটোৱে। বহুতে প্ৰিয় গীতৰ সুৰত কণ্ঠ মিলাই উপভোগ কৰে এই বিশেষ সন্ধিয়াটো।
এই সংগীতানুষ্ঠানক লৈ অনুৰাগীসকলৰ মাজত কেৱল উচ্ছ্বাসেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও দেখা গ’ল কৃতজ্ঞতা। অসমলৈ এনে বিশ্ববিখ্যাত বেণ্ডক আমন্ত্ৰণ জনোৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় বহুতে। এগৰাকী অনুৰাগীয়ে কয়, “মামা হে তো মুমকিন হে!” আন এগৰাকীৰ মন্তব্য, “মামা, ইউ আৰ দ্য বেষ্ট!” তেওঁলোকৰ মতে, এনে এটা অনুষ্ঠান গুৱাহাটীত উপভোগ কৰিবলৈ পোৱাটো সঁচাকৈয়ে স্মৰণীয় অভিজ্ঞতা।
কেৱল গানছ এন’ ৰ’জেছতেই থমকি ৰ’ব নিবিচাৰে অনুৰাগীসকলে। অসমত ভৱিষ্যতেও এনে আন্তঃৰাষ্ট্ৰীয় সংগীতানুষ্ঠান অনুষ্ঠিত হোৱাটো বিচাৰে তেওঁলোকে। এৰ’স্মিথ, বন জ’ভি আৰু জাষ্টিন বিবাৰৰ দৰে শিল্পীও এদিন অসমৰ মঞ্চত সংগীত পৰিৱেশন কৰাটো চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বহু সংগীতপ্ৰেমীয়ে।
বেণ্ডটোৰ মুখ্য কণ্ঠশিল্পী এক্সল ৰ’জৰ লগতে গীটাৰিষ্ট স্লেছ আৰু বেছিষ্ট ডাফ মেকেগানৰ উপস্থিতিয়ে অনুষ্ঠানটোক আৰু অধিক আকৰ্ষণীয় কৰি তোলে। দীৰ্ঘ সময় ধৰি চলা পৰিৱেশনত দৰ্শকক সংগীতৰ মাজত বিলীন কৰি ৰাখে শিল্পীসকলে।
আনহাতে, মূল অনুষ্ঠানৰ পূৰ্বে ভাৰতীয় ৰক বেণ্ড পৰিক্ৰমাই সংগীত পৰিৱেশন কৰি সন্ধিয়াৰ আৰম্ভণি কৰে। অনুষ্ঠানক লৈ অনুৰাগীৰ উন্মাদনা ইমানেই বেছি আছিল যে টিকট নোপোৱা বহু লোকেও খেলপথাৰৰ বাহিৰত সমবেত হৈ ভিতৰৰ সংগীত উপভোগ কৰে।
মুঠৰ ওপৰত, গানছ এন’ ৰ’জেছৰ এই অনুষ্ঠান কেৱল এটা সংগীতানুষ্ঠান হৈ নাথাকিল; গুৱাহাটীৰ সংগীতপ্ৰেমীৰ বাবে হৈ ৰ’ল এক স্মৰণীয় অভিজ্ঞতা।
