Voice of Eastern India

পপী দাসৰ গ্ৰন্থ উন্মোচন


পপী দাসৰ গ্ৰন্থ উন্মোচন

মাজুলী ৯ জুলাই ২০২৬: সুলেখিকা পপী দাসৰ ওপজা দিনত গ্ৰন্থ উন্মোচন। এই‌ পৱিত্ৰ দিনটোতে সাহিত্যৰ বৰপথাৰ খনলৈ উপহাৰ দিলে শব্দৰ বীজেৰে‌ গজা সেউজীয়া কবিতাৰ গছপুলি। সেই গছৰ অম্লজানেৰে আমি‌ আবেলিৰ উশাহ লৈ লোহিতৰ‌ সোঁতত লিখি আছিলোঁ‌ সৌন্দৰ্যশালী গান । “আয়াং অকুম” ৰ সুৰময় বক্ষত হোৱা সভাখন উদ্বোধন কৰিছিল শিল্পী,‌ অধ্যাপক ৰঞ্জিত কুমাৰ ভূঁঞা‌ই। পৌৰোহিত্যত আছিল মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকা।‌ পপী দাসৰ কাব্যগ্ৰন্থ ” কবিতাৰ কৃষ্ণচূড়া” উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইনে।‌ কবি সন্মিলনৰ সম্পাদক কৃষ্ণ দৈমাৰী, সাহিত্যিক সাংবাদিক ৰাজীৱ বৰুৱা, কবি শিল্পী অমিয় কুমাৰ চিৰাং আদিকে ধৰি প্ৰায় ডেৰকুৰি কবিৰ কবিতাৰে জীপাল হয় আজিৰ আবেলি।



Source link

Leave A Reply

Your email address will not be published.