Voice of Eastern India

Assam Cabinet Decision 2026: অসম কেবিনেট বৈঠকত কি কি ডাঙৰ সিদ্ধান্ত?


Assam Cabinet Decision 2026: চৰকাৰী চাকৰিৰ পৰা পথ-প্ৰকল্পলৈ, ৪ অক্টোবৰত অসম কেবিনেটৰ কেইবাটাও ডাঙৰ সিদ্ধান্ত

৪ অক্টোবৰত অসম কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনায়। ইয়াৰ ভিতৰত চৰকাৰী চাকৰিত অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে ১২ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত অন্যতম (Assam Cabinet Decision 2026)।

এই সংৰক্ষণ ব্যৱস্থা অসম আৰক্ষী, অসম আৰক্ষীৰ ৰেডিঅ’ সংস্থা, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF), অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, বন সুৰক্ষা বাহিনী আৰু আবকাৰী বিভাগকে ধৰি ১১টা শ্ৰেণীৰ চৰকাৰী চাকৰিত প্ৰযোজ্য হ’ব। প্ৰাক্তন অগ্নিবীৰসকলে যাতে চৰকাৰী চাকৰি লাভৰ সুযোগ পায়, সেই লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে।

ইফালে, ডালমিয়া ভাৰত গ্ৰীণ ভিজন লিমিটেডৰ প্ৰস্তাৱিত ক্লিংকাৰ নিৰ্মাণ প্ৰকল্পৰ বাবেও বিশেষ সুবিধা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰায় ১০,২০০ কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পসমূহ স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে (Assam Cabinet News)।

ৰাজ্যৰ পথ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। বৰ্তমানৰ লোকনিৰ্মাণ বিভাগ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ)ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ পৃথক কৰি PWD (Roads)-ৰ অধীনলৈ অনাৰ অনুমোদন দিয়া হৈছে।

কেবিনেটে বাহনৰ মালিকীস্বত্ব হস্তান্তৰৰ সময়ত গ্ৰীণ চেছ আৰোপ কৰাৰ সিদ্ধান্ততো অনুমোদন জনায়। এই ধনৰাশি বনানীকৰণ আৰু পৰিৱেশ সংৰক্ষণৰ কামত ব্যৱহাৰ কৰা হ’ব। অৱশ্যে বৈদ্যুতিক বাহন, CNG বাহন, দুই আৰু তিনি চকীয়া বাহনৰ ক্ষেত্ৰত এই চেছ প্ৰযোজ্য নহ’ব। পঞ্জীয়নভুক্ত বাহনৰ মালিকৰ মৃত্যু হোৱাৰ পিছত মালিকীস্বত্ব হস্তান্তৰ কৰিলেও চেছ লোৱা নহ’ব।

ইয়াৰ উপৰি অসম ৰেজিমেণ্টেল চেণ্টাৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ কোটি টকা অনুমোদন কৰা হৈছে।

মধুপুৰ সত্ৰৰ কাম-কাজ চলাই নিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনিৰ অধীনত প্ৰতিমাহে ১ লাখ টকা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

আনহাতে, পৌৰ নিগম নিৰ্বাচন সম্পৰ্কীয় কাম-কাজ অধিক সহজ কৰাৰ বাবেও নিয়ম সলনি কৰা হৈছে। কেবিনেটে Assam Municipal Corporation Election (Amendment) Rules, 2026-ত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে পৌৰ নিগম নিৰ্বাচন সম্পৰ্কীয় বিষয়সমূহ চাবলৈ সংশ্লিষ্ট জিলা ন্যায়াধীশৰ আদালতক ক্ষমতা দিয়া হৈছে।

ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বাবে Detailed Project Report (DPR) প্ৰস্তুত কৰাৰ দায়িত্ব Tata Consulting Engineers Ltd-ক দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। দ্বিতীয় পৰ্যায়ত কছাৰী বজাৰৰ পৰা নীলাচল পাহাৰৰ পাদদেশলৈকে অঞ্চলটো সামৰি লোৱা হ’ব (Brahmaputra Riverfront Guwahati)।

কেবিনেটে BTR, ডিমা হাছাও আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰতো অনুমোদন জনায়। জল জীৱন মিছন আৰু আন সংশ্লিষ্ট আঁচনিৰ অধীনত গ্ৰাম্য পানী যোগান আঁচনিৰ ৰূপায়ণ, পৰিচালনা আৰু পৰ্যবেক্ষণৰ বাবে এই চুক্তি কৰা হ’ব।

লগতে পঢ়ক: Kaziranga tourist season: পৰ্যটকৰ বাবে মুকলি কাজিৰঙা, প্ৰথম দিনাই গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী

Source link



Source link

Leave A Reply

Your email address will not be published.