Assam HSLC 2027: HSLC ২০২৭ৰ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে ২০২৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনলাইন ফৰ্ম পূৰণৰ সময়সূচী ঘোষণা কৰিছে। ১২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ফৰ্ম পূৰণৰ প্ৰক্ৰিয়া। ১০ নৱেম্বৰ, ২০২৬লৈকে ছাত্ৰ-ছাত্ৰীয়ে ফৰ্ম পূৰণ কৰিব পাৰিব (Assam HSLC 2027)।
ছাত্ৰ-ছাত্ৰীয়ে ASSEBৰ নিৰ্ধাৰিত অনলাইন পৰীক্ষা প’ৰ্টেলৰ জৰিয়তে ফৰ্ম পূৰণ কৰিব লাগিব। ফৰ্ম পূৰণৰ লগতে মাচুল জমা, ভুল শুধৰণি আদি কামৰ বাবেও ব’ৰ্ডে নিৰ্দিষ্ট সময়সীমা বান্ধি দিছে (HSLC 2027 form fill up)।
অনলাইন মাচুল জমা বা চালান তৈয়াৰ কৰাৰ অন্তিম তাৰিখ ১২ নৱেম্বৰ। চালানৰ ধন ষ্টেট বেংক অৱ ইণ্ডিয়াত জমা দিয়াৰ অন্তিম তাৰিখ ১৬ নৱেম্বৰ। আনহাতে, ফৰ্মত থকা ভুল শুধৰণি কৰি আপলোড কৰাৰ অন্তিম তাৰিখ ১৯ নৱেম্বৰ।
ব’ৰ্ডে স্পষ্ট কৰি দিছে যে ১৯ নৱেম্বৰৰ পিছত কোনো বিষয় সম্পৰ্কীয় শুধৰণি গ্ৰহণ কৰা নহ’ব।
HSLC ২০২৭ৰ ফৰ্ম পূৰণৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়ত ব্যৱহাৰ কৰা একেটা ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগিব। কোনো ছাত্ৰ-ছাত্ৰীয়ে লগইনৰ তথ্য হেৰুৱালে সংশ্লিষ্ট ASSEB আঞ্চলিক কাৰ্যালয়ৰ সদস্য সচিবৰ সৈতে যোগাযোগ কৰিব লাগিব।
ব’ৰ্ডৰ নিৰ্ধাৰিত মাচুল অনুসৰি পৰীক্ষাৰ মাচুল ৭০০ টকা। প্ৰযোজ্য ক্ষেত্ৰত ব্যৱহাৰিক পৰীক্ষাৰ বাবে ১৫০ টকা আৰু পৰীক্ষা কেন্দ্ৰৰ মাচুল ৩৫০ টকা দিব লাগিব।
অৱশ্যে চৰকাৰী, প্ৰাদেশিকীকৃত আৰু স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ যোগ্য ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ৭০০ টকাৰ মাচুলৰ পৰা ৰেহাই পাব। ইয়াৰ বাবে অভিভাৱকৰ সকলো উৎসৰ পৰা বছৰি আয় ৪ লাখ টকা বা তাতকৈ কম হ’ব লাগিব। ২০২৪ আৰু ২০২৫ চনত নৱম শ্ৰেণীত পঞ্জীয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এই ৰেহাই প্ৰযোজ্য হ’ব।
লগতে পঢ়ক: মেট্ৰিক আৰু HS চূড়ান্ত পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত!
