Garima Saikia Garg: গৰিমাৰ চিকিৎসাক লৈ ডাঙৰ সিদ্ধান্ত, মুম্বাইলৈ নিয়াৰ পৰামৰ্শ চিকিৎসকৰ।
স্বামী জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা মানসিকভাৱে ভাগি পৰা গৰিমা শইকীয়া গাৰ্গক উন্নত চিকিৎসা আৰু বিশেষজ্ঞৰ পৰামৰ্শৰ বাবে মুম্বাইলৈ নিয়াৰ সিদ্ধান্ত লৈছে চিকিৎসকে। বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ যদিও মানসিক চাপ আৰু অনিদ্ৰাৰ সমস্যাই দেখা দিছে। মঙলবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত সংবাদমেলযোগে এই কথা জনায় বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱাই (Garima Saikia Garg)।
চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়া মতে, গৰিমাৰ ৰক্তচাপ আৰু তেজত শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক। স্বাস্থ্য পৰীক্ষাতো বিশেষ অসুবিধা ধৰা পৰা নাই। কিন্তু স্বামীৰ মৃত্যুৰ পিছৰে পৰা তেওঁ গভীৰ মানসিক চাপৰ মাজেৰে পাৰ হৈছে। বিশেষকৈ নিশা ভালদৰে টোপনি যাব নোৱাৰাৰ সমস্যাত ভুগিছে গৰিমা।
ডাঃ বৰুৱাই কয় যে গৰিমাক কেৱল ঔষধেই নহয়, এই সময়ত মানসিক বিশ্ৰাম আৰু বিশেষজ্ঞৰ কাউন্সেলিঙৰো প্ৰয়োজন। সেয়েহে উন্নত চিকিৎসাৰ বাবে তেওঁক মুম্বাইৰ বিশেষ চিকিৎসা প্ৰতিষ্ঠানলৈ নিয়াৰ পৰামৰ্শ দিয়া হৈছে। তাত প্ৰায় ১৫ৰ পৰা ২০ দিন চিকিৎসা চলিব পাৰে। অৱশ্যে কোনখন চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হ’ব, সেয়া এতিয়াও চূড়ান্ত হোৱা নাই (Garima Saikia Garg Health Update)।
সংবাদমেলত চিকিৎসকগৰাকীয়ে কয় যে গৰিমাৰ অৱস্থা সুস্থিৰ। উপযুক্ত চিকিৎসা, কাউন্সেলিং আৰু বিশ্ৰাম লাভ কৰিলে তেওঁ সোনকালেই সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে।
ইফালে, গৰিমাৰ এই কঠিন সময়ছোৱাত অসমৰ ৰাইজক তেওঁৰ কাষত থিয় দিবলৈ আহ্বান জনায় ডাঃ বৰুৱাই। লগতে তেওঁৰ ব্যক্তিগত সিদ্ধান্তক সন্মান জনাবলৈ আৰু ভৱিষ্যৎ পৰিকল্পনাক লৈ কোনো ধৰণৰ অতিৰিক্ত চাপ নিদিবলৈও সকলোকে অনুৰোধ জনায়।
উল্লেখ্য যে শনিবাৰে গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰিছিল গৰিমা। তাৰ পিছতে তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা শোকৰ মাজেৰে দিন পাৰ কৰিছে গৰিমাই।
লগতে পঢ়ক: SKAC Election 2026: সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা
