Guwahati hotel firing: এতিয়াহে শান্তি পাব তেওঁলোকৰ আত্মাইঃ ঘনকান্তৰ এনকাউন্টাৰৰ পিছত ভুক্তভোগী পৰিয়ালৰ প্ৰতিক্ৰিয়া
Guwahati hotel firing: ‘ভগৱানে ন্যায় দিলে’! ঘনকান্তৰ মৃত্যুৰ খবৰত স্বস্তি নিহতৰ পৰিয়ালত।
গুৱাহাটীৰ বিলাস ইন হোটেলৰ গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যুৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিহত পাঁচগৰাকী লোকৰ পৰিয়ালে। অভিযুক্তৰ মৃত্যুক ‘ভগৱানৰ ন্যায়’ বুলি অভিহিত কৰি পৰিয়ালৰ লোকসকলে কয় যে অৱশেষত তেওঁলোকৰ আপোনজনৰ আত্মাই শান্তি লাভ কৰিব। বিগত কেইবাদিনো ধৰি শোক আৰু আশংকাৰ মাজত দিন কটোৱা পৰিয়ালকেইটাই এই খবৰে কিছু মানসিক সকাহ দিয়া বুলি প্ৰকাশ কৰিছে (Guwahati hotel firing)।
২৬ অক্টোবৰত গুৱাহাটীৰ বিলাস ইন হোটেলত সংঘটিত হৈছিল এই ভয়ংকৰ গুলীচালনাৰ ঘটনা। হোটেলখনৰ লীজক লৈ মালিকপক্ষৰ সৈতে হোৱা বিবাদক কেন্দ্ৰ কৰি ঘনকান্ত গগৈয়ে ছগৰাকী লোকক লক্ষ্য কৰি গুলীচালনা কৰাৰ অভিযোগ উঠিছিল। এই ঘটনাত হোটেলখনৰ মালিক পৰিয়ালৰ চাৰিগৰাকী সদস্যসহ মুঠ পাঁচজনৰ মৃত্যু হৈছিল। আনহাতে, পৰিয়ালটোৰ গাড়ীচালক সত্যেন্দ্ৰ পাঠক গুৰুতৰভাৱে আহত হৈছিল (Hotel Bilas Inn shooting)।
এই ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ বুধবাৰে পুৱতি নিশা শিৱসাগৰ জিলাত আৰক্ষীৰ গুলীত মৃত্যু হয় (Ghanakanta Gogoi Encounter)।
ঘটনাৰ পিছত পৰিয়ালৰ বাসগৃহত সাংবাদিকৰ আগত অনুভৱ ব্যক্ত কৰে নিহত ভুদেৱ আৰু হেলেনা ভৰালীৰ বৃদ্ধ মাতৃয়ে। তেওঁৰ মতে, ভগৱানৰ ওপৰত থকা বিশ্বাসৰ বাবেই তেওঁ ন্যায়ৰ আশা এৰি দিয়া নাছিল।
বৃদ্ধাগৰাকীয়ে কয়, “এতিয়া তেওঁলোকৰ আত্মাই শান্তি পাব। পৰিয়ালৰ সদস্য হিচাপে আমিও কিছু শান্তি লাভ কৰিম। আমাক এই ন্যায় দিয়াৰ বাবে ভগৱানৰ ওচৰত কৃতজ্ঞ। মোৰ বিশ্বাস আছিল, এদিন নহয় এদিন ন্যায় লাভ কৰিবই।”
আনহাতে ভগ্নীয়ে ন্যায় পালে বুলি মন্তব্য ৰিনিকাৰ ভাতৃৰ। ‘আৰক্ষীয়ে যি সিদ্ধান্ত লৈছে উচিত সিদ্ধান্ত লৈছে’ বুলি মন্তব্য কৰে তেওঁ।
ইফালে, ভুদেৱ ভৰালীৰ কন্যায়ো এই কঠিন সময়ত অসমৰ ৰাইজে পৰিয়ালটোৰ কাষত থিয় দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ ৰাজ্যৰ পৰা লাভ কৰা সহায় আৰু সমৰ্থনে শোকৰ সময়ছোৱাত তেওঁলোকক সাহস দিছে। অভিযুক্তৰ মৃত্যুৰ খবৰে পৰিয়ালটোক কিছু পৰিমাণে হ’লেও শান্তি দিছে বুলিও তেওঁ উল্লেখ কৰে।
পৰিয়ালৰ আন এগৰাকী সদস্যই জানিবলৈ দিয়া মতে, ঘনকান্ত গগৈয়ে কাৰাগাৰৰ পৰা মুকলি হৈ আহিলে তেওঁলোকৰ পৰিয়ালক পুনৰ লক্ষ্য কৰি ল’ব পাৰে বুলি আশংকা আছিল। এই ভয়ৰ মাজতে দিন পাৰ কৰিছিল পৰিয়ালটোৱে।
পিতৃৰ আদ্যশ্ৰাদ্ধৰ দিনাই ঘনকান্তৰ এনকাউন্টাৰৰ খবৰ পাই নাৰায়ণ দাসৰ পুত্ৰই কয়-“ মোৰ দেউতাৰ আত্মাই আজি শান্তি পালে। মোৰ মনটো অলপ হ’লেও ভাল লাগিছে।“
আনহাতে, গুলীচালনাৰ ঘটনাত প্ৰাণৰক্ষা পৰা একমাত্ৰ ব্যক্তি সত্যেন্দ্ৰ পাঠকৰ পৰিয়ালেও অভিযুক্তৰ মৃত্যুৰ পিছত স্বস্তি প্ৰকাশ কৰিছে। সত্যেন্দ্ৰৰ মাতৃয়ে কয় যে অভিযুক্ত জীয়াই থকালৈকে পুত্ৰৰ নিৰাপত্তাক লৈ তেওঁলোকৰ চিন্তাৰ অন্ত পৰা নাছিল।
ইফালে দেৱৰ্ষিৰ বন্ধু ৰুবুল আহমেদে কয়-“ মোৰ বন্ধুক ন্যায় দিয়াৰ বাবে অসম চৰকাৰ,অসম আৰক্ষীক চেল্যুট। আজি মোৰ বহুত ভাল লাগিছে, মনত শান্তি পাইছো। এনে এজন ঘাতকক এনেদৰেই এনকাউণ্টাৰ কৰিব লাগে।“
