Voice of Eastern India

Guwahati Bilas Inn shooting: ৰাজ্য কঁপোৱা বিলাস ইন কাণ্ডৰ মাষ্টাৰমাইণ্ড ঘনকান্তৰ আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু


Guwahati Bilas Inn shooting: বিলাস ইন কাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰক্ষীৰ গুলীত নিহত।

গুৱাহাটীৰ বিলাস ইন হোটেলৰ গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰক্ষীৰ গুলীত নিহত হৈছে। বুধবাৰে পুৱতি নিশা শিৱসাগৰ জিলাত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে গুলীবিদ্ধ হয় অভিযুকক্তটো (Guwahati Bilas Inn shooting)।

পুৱা প্ৰায় ৩.১০ বজাত গৌৰীসাগৰ থানাৰ অন্তৰ্গত ফুলপানীছিগাৰ ৰংমন ধাবাৰ সমীপত সংঘটিত হয় এই ঘটনা। শিৱসাগৰ আৰক্ষীৰ এটা দলে গুৱাহাটীৰ পৰা ঘনকান্তক আন এটা গোচৰৰ তদন্তৰ বাবে শিৱসাগৰ সদৰ থানালৈ লৈ গৈ আছিল।

শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই জানিবলৈ দিয়া মতে, পঞ্জাব নেশ্যনেল বেংকৰ ঋণ জালিয়াতিৰ গোচৰত ঘনকন্ত গগৈৰ নাম ওলাই অহাৰ পাছত মঙলবাৰে নিশা গুৱাহাটীৰ পৰা তেওঁক শিৱসাগৰলৈ নিয়াৰ বাবে প্ৰডাকচন ৱাৰেণ্ট লাভ কৰিছিল আৰক্ষীয়ে (Ghanakanta Gogoi Police Encounter)।

আৰক্ষীৰ অভিযোগ অনুসৰি, এক্সকেভেটৰ ক্ৰয়ৰ বাবে গগৈয়ে বেংকত জাল নথি জমা দি ঋণ লৈছিল। নথি-পত্ৰ পৰীক্ষা কৰাৰ পাছত বেংকে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। ঘনকান্তৰ বিৰুদ্ধে মুঠ ছটা গোচৰ ৰুজু হৈ থকাৰ কথাও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, আগ্নেয়াস্ত্ৰ চলোৱাত প্ৰশিক্ষণপ্ৰাপ্ত গগৈয়ে অস্ত্ৰ উদ্ধাৰৰ বাবে গৌৰীসাগৰলৈ যোৱা আৰক্ষীৰ দলটোক সহায় কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু যাত্ৰাপথতে তেওঁ পলাবলৈ চেষ্টা কৰে আৰু এজন আৰক্ষী কৰ্মীৰ পৰা পিষ্টল কাঢ়ি নিবলৈ উদ্যত হয়।

ইয়াৰ ফলত আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হয়। সংঘৰ্ষৰ সময়ত আৰক্ষীৰ চাৰ্ভিছ ৰিভলভাৰৰ পৰা তিনিজাঁই গুলী ফুটে। ঘটনাত এজন আৰক্ষী কৰ্মী গুৰুতৰভাৱে আহত হয়। তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই নিজৰ চাৰ্ভিছ অস্ত্ৰৰে ঘনকান্তক লক্ষ্য কৰি গুলীচালনা কৰে। গুলীবিদ্ধ ঘনকান্তক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আৰক্ষীৰ বাহনখনতো গুলীৰ আঘাত লাগে। গুৰুতৰভাৱে আহত আৰক্ষী কৰ্মীজনৰ উপৰি সংঘৰ্ষত আন এজন আৰক্ষী কৰ্মীও সামান্য আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

লগতে পঢ়ক: Hotel Bilas Inn shooting case: হোটেল বিলাস ইন কাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈক পুনৰ গ্ৰেপ্তাৰ

Source link



Source link

Leave A Reply

Your email address will not be published.