Voice of Eastern India

India vs West Indies 2nd ODI: গীলৰ দ্বিশতক, ৰোহিতৰ শতকঃ গুৱাহাটীত ইতিহাস গঢ়িলে ভাৰতীয় দলে


India vs West Indies 2nd ODI: গুৱাহাটীত ৰানৰ ধুমুহা! ৪০৬ ৰান চেজ, গীলৰ দ্বিশতক-ৰোহিতৰ শতকেৰে ভাৰতৰ অভিলেখ

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে এদিনীয়া ক্ৰিকেটত ৪০০ প্লাছ (৪০৬) ৰানৰ লক্ষ্য সফলভাৱে অনুসৰণ অভিলেখ গঢ়ে। বুধবাৰে অনুষ্ঠিত হোৱা মেচখনত ভাৰতীয় দলে ৮ উইকেটত জয়লাভ কৰে। অধিনায়ক শুভমন গীলে দুৰ্দান্ত দ্বিশতকীয় ইনিংছ খেলি ২২৩ ৰানত অপৰাজিত থাকে। আনহাতে, ৰোহিত শৰ্মাইও ১০১ ৰানৰ দৰ্শনীয় ইনিংছ খেলে (India vs West Indies 2nd ODI)।

মেচখনত ভাৰতীয় অধিনায়ক শুভমন গীলে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে ৫০ অভাৰত ৭ উইকেট হেৰুৱাই ৪০৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৪৩.৩ অভাৰত ২ উইকেটত ৪০৬ ৰান সংগ্ৰহ কৰি লক্ষ্যত উপনীত হয়। ভাৰতীয় দলে প্ৰথমবাৰৰ বাবে এদিনীয়াত ৪০০ প্লাছ ৰান চেজ কৰাৰ লগতে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত মাত্ৰ দ্বিতীয়বাৰৰ বাবে কোনো দলে ৪০০ প্লাছ ৰানৰ লক্ষ্য সফলভাৱে খেদিলে। ইয়াৰ পূৰ্বে ২০০৬ চনত দক্ষিণ আফ্ৰিকাই ৪৩৮ ৰানৰ লক্ষ্য সফলভাৱে অতিক্ৰম কৰিছিল (Shubman Gill 223 runs)।

ভাৰতে ৩৯টা বল বাকী থকা অৱস্থাতে মেচখনত জয় লাভ কৰে। এই জয়ৰ লগে লগে ভাৰতে শৃংখলাত ২-০ৰ অজেয় অগ্ৰগতি লাভ কৰিছে। মেচখনত ভাৰতৰ হৈ ২টা আৰু ৱেষ্ট ইণ্ডিজৰ হৈ ৩টা শতকীয় ইনিংছ দেখা যায় (India 406 run chase)।

মেচখনত ভাৰতীয় দলটোৱে আৰম্ভণিতে সাৱধানেৰে বেটিং কৰে। কিন্তু উইকেটত অভ্যস্ত হৈ পৰাৰ পিছত ৰোহিত শৰ্মা আৰু শুভমন গীলে আক্ৰমণাত্মক শ্বট খেলিবলৈ আৰম্ভ কৰে। শুভমন গীলে মাত্ৰ ৬২টা বলত শতক সম্পূৰ্ণ কৰে। তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্ৰথমখন এদিনীয়াতো গীলে শতক অৰ্জন কৰিছিল।

আনহাতে, ৰোহিত শৰ্মা ৮৪ ৰানত থকাৰ সময়ত ৱেষ্ট ইণ্ডিজৰ কে চি কাৰ্টীয়ে তেওঁৰ কেচ এৰি দিয়ে। ইয়াৰ সুযোগ লৈ ৰোহিতে ৭২টা বলত শতক সম্পূৰ্ণ কৰে। এয়া এদিনীয়া ক্ৰিকেটত ৰোহিত শৰ্মাৰ ৩৫সংখ্যক শতক। অৱশ্যে শতক সম্পূৰ্ণ কৰাৰ পিছতে তেওঁ আউট হয়। ৭৫টা বলত ১০১ ৰান সংগ্ৰহ কৰা ৰোহিতক জেডেন ছীলছে এলবিডব্লিউ আউট কৰে।

ৰোহিত আৰু শুভমনৰ মাজত প্ৰথম উইকেটৰ বাবে ২৫৫ ৰানৰ বৃহৎ অংশীদাৰিত্ব গঢ় লৈ উঠে। ইয়াৰ পিছত ক্ৰীজলৈ অহা বিৰাট কোহলীয়ে ১৯টা বলত ২৯ ৰান কৰি আউট হয়।

ইফালে, শুভমন গীলে মাত্ৰ ১১৭টা বলত নিজৰ দ্বিশতক সম্পূৰ্ণ কৰে। ৰোহিত শৰ্মাৰ পিছত গীল হৈছে এদিনীয়া ক্ৰিকেটত একাধিক দ্বিশতক অৰ্জন কৰা দ্বিতীয়জন ভাৰতীয় খেলুৱৈ। ইনিংছৰ শেষলৈকে গীল অপৰাজিত থাকে। ঋতুৰাজ গায়কোৱাডো ৩১ ৰানত অপৰাজিত হৈ থাকে।

এদিনীয়াত আটাইতকৈ দ্ৰুত দ্বিশতক

১১৭ বল – শুভমন গীল বনাম ৱেষ্ট ইণ্ডিজ, গুৱাহাটী, ২০২৬

১২৬ বল- ঈশান কিষাণ বনাম বাংলাদেশ, চট্টগ্ৰাম, ২০২২

১২৮ বল- গ্লেন মেক্সৱেল বনাম আফগানিস্তান, ৱানখেড়ে, ২০২৩

১৩৬ বল- পথুম নিছাংকা বনাম আফগানিস্তান, পাল্লেকেলে, ২০২৪

১৩৮ বল- ক্ৰিছ গেইল বনাম জিম্বাবুৱে, কেনবেৰা, ২০১৫

লগতে পঢ়ক: Rohit Gill century Guwahati: গুৱাহাটীত গীল-ৰোহিতৰ শতকৰ ধুমুহা

Source link



Source link

Leave A Reply

Your email address will not be published.