Voice of Eastern India

Minister Pijush Hazarika: বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ


Minister Pijush Hazarika: বানপীড়িত কৃষকৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ, দুই জিলাত বিতৰণ লাখ লাখ পুলি।

বান প্ৰভাৱিত কৃষকসকলৰ জীৱিকা পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কৃষকসকলৰ মাজত ২৭ অক্টোবৰত প্ৰায় ২.৪ লাখ নাৰিকল আৰু তামোলৰ পুলি চৰকাৰৰ তৰফৰ পৰা বিতৰণ কৰা হয়। বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক সহায় কৰাৰ লগতে কৃষিৰ জৰিয়তে উপাৰ্জন বৃদ্ধিৰ সুযোগ সৃষ্টি কৰাই এই পদক্ষেপৰ অন্যতম উদ্দেশ্য (Minister Pijush Hazarika)।

শিৱসাগৰত অনুষ্ঠিত এক কাৰ্যসূচীত কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাই কৃষকসকলৰ মাজত এই পুলিসমূহ বিতৰণ কৰে। অনুষ্ঠানত তেওঁ কয় যে ৰাজ্যৰ কৃষকসকলক বৰষুণৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰা মুক্ত কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দিশত চৰকাৰে কাম কৰি আছে।

মন্ত্ৰীগৰাকীৰ মতে, বৰ্তমান অসমৰ মুঠ কৃষিভূমিৰ প্ৰায় ২১ শতাংশতহে জলসিঞ্চনৰ সুবিধা আছে। আগন্তুক চাৰে চাৰি বছৰত অতিৰিক্ত ২০ শতাংশ কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনাৰ লক্ষ্য লৈছে চৰকাৰে। ইয়াৰ ফলত কৃষি উৎপাদন বৃদ্ধিৰ লগতে অনিয়মীয়া বৰষুণৰ বাবে কৃষকসকলে সন্মুখীন হোৱা অনিশ্চয়তাও হ্ৰাস পাব বুলি আশা কৰা হৈছে (Assam Agriculture News)।

আগন্তুক ৰবি খেতিৰ বতৰত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কৃষকসকলক পৰ্যাপ্ত পৰিমাণে বীজ যোগান ধৰাৰ আশ্বাস দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ একেডৰা মাটিতে বছৰত একাধিক শস্যৰ খেতি কৰাৰ লগতে কৃষিৰ নতুন নতুন ক্ষেত্ৰৰ প্ৰতিও আগ্ৰহী হ’বলৈ তেওঁ আহ্বান জনায়।

শেহতীয়া বানত শিৱসাগৰ জিলাৰ প্ৰায় ৫০ হাজাৰ কৃষক ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। বানৰ ফলত হোৱা ক্ষতিৰ পাছত কৃষকসকলক পুনৰ কৃষিকাৰ্যত মনোনিৱেশ কৰিবলৈ সহায় কৰাৰ উদ্দেশ্যে শিৱসাগৰ আৰু চৰাইদেউ জিলাত প্ৰায় ৮০ হাজাৰ নাৰিকলৰ পুলি আৰু ১.৬ লাখ তামোলৰ পুলি বিতৰণ কৰা হৈছে (Assam Flood Affected Farmers)।

আনহাতে, চলিত বৰ্ষত সমগ্ৰ ৰাজ্যতে কৃষকসকলৰ মাজত প্ৰায় ২.৮৪ লাখ নাৰিকলৰ পুলি আৰু ৮ লাখ তামোলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

লগতে পঢ়ক: Assam child marriage crackdown: ‘অসমত বাল্যবিবাহৰ কোনো স্থান নাই’, মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা

Source link



Source link

Leave A Reply

Your email address will not be published.