একঁকাল পানীত নামি বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী । দিন-ৰাতি একাকাৰ কৰি বুজ লৈছে বানপীড়িতৰ ।
উজনিত বান বিভীষিকা এতিয়াও সম্পূৰ্ণ শেষ হোৱা নাই। এই কঠিন সময়ত প্ৰচণ্ড বৰষুণ নেওচিও বানপীড়িত ৰাইজৰ কাষত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নাৱত উঠি, ট্ৰেক্টৰত উঠি, আনকি একঁকাল পানীত নামিও তেওঁ স্বচক্ষে পৰিস্থিতিৰ বুজ লয়।
মঙলবাৰে শিৱসাগৰ ভ্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত লোকসকলৰ সৈতে পোনপটীয়াকৈ কথা পাতে। ৰাজীৱ গান্ধী ইনষ্টিটিউটত অনুষ্ঠিত কাৰ্যসূচীত তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সমস্যাৰ বুজ লোৱাৰ লগতে চৰকাৰৰ সাহায্য আৰু পুনৰসংস্থাপন ব্যৱস্থা অধিক দ্ৰুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ভ্ৰমণৰ সময়ত তেওঁ বান বিধ্বস্ত বিদ্যালয়, হোষ্টেল আৰু চৰকাৰী কাৰ্যালয়সমূহো পৰ্যৱেক্ষণ কৰে। ক্ষয়-ক্ষতিৰ দ্ৰুত মূল্যায়ন কৰি সকলো যোগ্য হিতাধিকাৰীসকলে যাতে সময়মতে চৰকাৰী সাহায্য লাভ কৰে, সেই দিশত বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশ দিয়ে।
এই কাৰ্যসূচীৰ সময়তে বহু বানপীড়িত পৰিয়ালৰ হাতত সাহায্যৰ চেকো বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে বানপীড়িতসকলক সহায় কৰাই এতিয়া চৰকাৰৰ আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ আৰু প্ৰয়োজন অনুসৰি অধিক সাহায্যও আগবঢ়োৱা হ’ব।

মুখ্যমন্ত্ৰীৰ সৈতে এই ভ্ৰমণত মন্ত্ৰী পীযুষ হাজৰীকা, বিমল বৰা, সুশান্ত বৰগোহাঁই আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈ উপস্থিত থাকে। উল্লেখযোগ্যভাৱে, মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক ধন্যবাদ জনায় অখিল গগৈয়েও।
অসম চৰকাৰে ইতিমধ্যে শিৱসাগৰকে ধৰি বানপীড়িত জিলাসমূহৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে অন্তৰ্ৱৰ্তীকালীন বিত্তীয় সাহায্য ঘোষণা কৰিছে।
লগতে পঢ়ক : “টেলিভিছনত দেখুওৱাতকৈ ক্ষয়-ক্ষতি বহুগুণ বেছি”; নেপালী খুঁটিত মুখ্যমন্ত্ৰী
