Voice of Eastern India

বানত বিপৰ্যস্ত অসম! ৪৬০খন গাঁও পানীৰ তলত, ৯৯ জনৰ প্ৰাণহানি


এফালে বাঢ়ি গৈছে মৃত্যুৰ সংখ্যা, আনফালে হাজাৰ হাজাৰ পৰিয়াল এতিয়াও বানৰ মাজত আবদ্ধ

অসমত বান পৰিস্থিতি এতিয়াও শাম কটা নাই। এফালে বাঢ়ি গৈছে মৃত্যুৰ সংখ্যা, আনফালে হাজাৰ হাজাৰ পৰিয়াল এতিয়াও বানৰ মাজত আবদ্ধ। ৮ আগষ্টৰ শেহতীয়া বান প্ৰতিবেদন অনুসৰি ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি পাইছে।

বৰ্তমান ১২খন জিলাৰ ৩০টা ৰাজহ চক্ৰৰ ৪৬০খন গাঁও বানৰ কৱলত আছে। শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাত বানৰ প্ৰভাৱ অব্যাহত আছে।

DRIMSৰ প্ৰতিবেদন অনুসৰি, বানত মুঠ ,৪৭,৩৭৬ জন লোক প্ৰভাৱিত হৈছে। ইয়াৰে ৬৫,৯৬২ জন পুৰুষ, ৬৩,০৩৭ গৰাকী মহিলা আৰু ১৮,৩৭৭টি শিশু।

বানত ১০,৫৯৯.৮৯ হেক্টৰ কৃষিভূমি পানীত ডুব গৈছে। ইয়াৰ ভিতৰত গোলাঘাটতেই সৰ্বাধিক ৬১,৭৩৫ জন লোক প্ৰভাৱিত হৈছে। শিৱসাগৰত ৪৩,৪৯২ জন আৰু যোৰহাটত ২৪,২৮৩ জন লোক বানৰ কৱলত পৰিছে।

ইফালে, কেন্দ্ৰীয় জল আয়োগৰ পুৱা ৮ বজাৰ বুলেটিন অনুসৰি ধানশিৰি (দক্ষিণ) আৰু কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অৱশ্যে কোনো নদীয়ে এতিয়ালৈকে সৰ্বোচ্চ বিপদসীমা অতিক্ৰম কৰা নাই।

বানপীড়িতসকলৰ বাবে প্ৰশাসনে ৫৩টা সাহায্য শিবিৰ আৰু ৪১টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। বৰ্তমান এই শিবিৰসমূহত ,৫৬৮ জন লোকে আশ্ৰয় লৈ আছে। শিৱসাগৰতেই সৰ্বাধিক ৪,৮৬২ জন লোক আশ্ৰয় লৈছে।

বানৰ প্ৰভাৱত ঘৰ-বাৰী আৰু আন্তঃগাঁথনিও ক্ষতিগ্ৰস্ত হৈছে। মুঠ ৩২৪টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে গোলাঘাটত সাতটা পথ আৰু হোজাইত মথাউৰিৰ দুটা অংশ ক্ষতিগ্ৰস্ত হৈছে।

অৱশ্যে উদ্ধাৰ অভিযান অব্যাহত আছে। SDRF, DDRF, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাকে ধৰি বিভিন্ন সংস্থাই অভিযান চলাই এতিয়ালৈকে ১৩৫ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে। আনহাতে, হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰা হৈছে আন ৫ জন লোকক

বানৰ পানী কমিবলৈ আৰম্ভ কৰিলেও বিপদ এতিয়াও শেষ হোৱা নাই। বহু অঞ্চলত এতিয়াও পানীৰ মাজতে দিন কটাইছে অসংখ্য পৰিয়ালে।

লগতে পঢ়ক : বন্যাৰ্তৰ দুখ দেখি হুকহুকাই কান্দি উঠিল শুকুৰ আলী

Source link



Source link

Leave A Reply

Your email address will not be published.