উজনি অসমৰ বানপীড়িতক সহায়ৰ বাবে ৰাজপথত দান সংগ্ৰহৰ বাকচ লৈ থিয় হৈ থকা লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৬ আগষ্টত ৰাজপথত অনাধীকৃতভাৱে কৰা বান সাহায্য সংগ্ৰহ অভিযানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। বানপীড়িতসকলৰ নামত জোৰ-জবৰদস্তি ধন সংগ্ৰহ কৰাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সকীয়াই দিয়ে।
লণ্ডনৰ ব্যস্ত ৰাজপথত নৃত্য-গীত, উদ্দেশ্য অসমৰ বানপীড়িতৰ বাবে পুঁজি সংগ্ৰহ। কিন্তু সত্ৰীয়া নৃত্যশিল্পী তথা অভিনেত্ৰী মেঘৰঞ্জনী মেধিৰ এই পদক্ষেপক লৈ এতিয়া আৰম্ভ হৈছে তীব্ৰ চৰ্চা। বৃহস্পতিবাৰে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লণ্ডনত মেঘৰঞ্জনী মেধিয়ে চলোৱা পুঁজি সংগ্ৰহ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “লণ্ডন বা আমেৰিকাৰ পৰা অসমৰ বাবে বান সাহায্য বিচৰাৰ কোনো প্ৰয়োজন নাই।”
উল্লেখযোগ্য যে, অসমৰ শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় কৰাৰ উদ্দেশ্যে মেঘৰঞ্জনী মেধিয়ে লণ্ডনৰ ৰাজপথত পুঁজি সংগ্ৰহৰ এক অভিযান চলাইছিল। ৰাজপথত নৃত্য পৰিৱেশন কৰাৰ লগতে তেওঁ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ গোৱাৰো প্ৰয়াস কৰে।
তেওঁৰ মতে, অনুদানৰ পৰিমাণ যিমানেই সৰু নহওক কিয়, সংগৃহীত ধনে অসমৰ বানপীড়িত পৰিয়ালসমূহক সহায় কৰিব।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো ব্যক্তি বা সংগঠনক ৰাজপথত দান সংগ্ৰহৰ বাকচ লৈ থিয় হৈ বা কিউ আৰ (QR) ক’ড ব্যৱহাৰ কৰি বাহন চালক আৰু পথচাৰীৰ পৰা বানপীড়িতৰ নামত সাহায্য বিচাৰিবলৈ দিয়া নহ’ব।এনে কাৰ্যকলাপত লিপ্ত হোৱাসকলে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ কয় যে পথৰ কাষত দান সংগ্ৰহৰ বাকচ লৈ ফুৰা বা কিউ আৰ ক’ড দি ধন সংগ্ৰহ কৰা লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে সমগ্ৰ ৰাজ্যতে চলি থকা এনে অনাধীকৃত ধন সংগ্ৰহ কাৰ্যসূচী তৎকালীনভাৱে বন্ধ কৰিবলৈ তেওঁ অসম আৰক্ষীক দৃঢ় নিৰ্দেশ প্ৰদান কৰিছে।
বানপীড়িত লোকক সহায় কৰাৰ নামত বিভিন্ন ব্যক্তি আৰু দলে ট্ৰেফিক পইণ্ট তথা ৰাজহুৱা স্থানসমূহত দান সংগ্ৰহ কৰি থকাৰ মাজতে এই নিৰ্দেশনা প্ৰকাশ পাইছে। সাহাৰ্য যাতে প্ৰকৃত হিতাধিকাৰীৰ ওচৰ পায়গৈ, তাৰ বাবে নাগৰিকসকলক কেৱল কৰ্তৃত্বপ্ৰাপ্ত মাধ্যমৰ জৰিয়তেহে দান-বৰঙণি আগবঢ়াবলৈ চৰকাৰে পৰামৰ্শ দিছে।
লগতে পঢ়ক: “অসমত চৰকাৰী চাকৰিত দুৰ্নীতিৰ যুগ শেষ”- ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
