পশুপালন খণ্ডত উল্লেখযোগ্য সফলতা অৰ্জন অসমৰ। লখিমিৰ জন্মই কঢ়িয়াইছে আশাৰ বতৰা।
আই ভি এফ পদ্ধতিৰ জৰিয়তে থলুৱা জাতৰ গৰু পোৱালি জন্ম দিয়াৰ ক্ষেত্ৰত ঐতিহাসিক সফলতা অৰ্জন কৰিছে অসমে। অসম পশু চিকিৎসা আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয়ে এই সফলতা অৰ্জন কৰিছে। বিশ্ববিদ্যালয়ৰ আই ভি এফ লেবৰেটৰী চৌহদত আই ভি এফৰ জৰিয়তে সফলতাৰে জন্মলাভ কৰিছে অসমৰ থলুৱা গৰুৰ জাত ‘লখিমি’। শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই সুখবৰ প্ৰকাশ কৰে (Assam IVF calf)।
এটা ফেচবুক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে- অসমৰ একমাত্ৰ পঞ্জীয়নভুক্ত থলুৱা গৰুৰ জাত ‘লখিমী’ৰ সংৰক্ষণ আৰু জিনীয় উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত এই সাফল্যই এক নতুন দুৱাৰ মুকলি কৰিলে বুলি উল্লেখ কৰিছে (indigenous cattle breed)।
মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে-“এটা অতিকৈ ভাললগা আৰু আনন্দৰ খবৰ আপোনালোকৰ সৈতে ভগাই ল’ব বিচাৰিছোঁ। অসম পশু চিকিৎসা আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয়ৰ আই ভি এফ লেবৰেটৰী চৌহদত বিশ্বৰ প্ৰথমটো আই ভি এফ জৰিয়তে লখিমী মাইকী পোৱালি জন্ম লাভ কৰাটো অসমৰ বাবে এক ঐতিহাসিক সাফল্য৷ অসমৰ একমাত্ৰ পঞ্জীয়নভুক্ত থলুৱা গৰুৰ জাত ‘লখিমী’ৰ সংৰক্ষণ আৰু জিনীয় উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত এই সাফল্যই এক নতুন দুৱাৰ মুকলি কৰিলে (Assam dairy sector)।“
তেওঁ আৰু লিখিছে-“আমাৰ নিজৰ থলুৱা জাতটোক আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত আগুৱাই নি আজি বিশ্বৰ ভিতৰতে এক নতুন ইতিহাস সৃষ্টি কৰাটো সঁচাকৈয়ে গৰ্বৰ কথা। অসমৰ ঐতিহ্য আৰু অসমৰ বিজ্ঞান- দুয়োটাই একেলগে আজি বিশ্বৰ সন্মুখত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে। এই সাফল্যই অসমৰ পশুপালন খণ্ডক অধিক শক্তিশালী কৰাৰ লগতে লখিমীৰ সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰতো নতুন সম্ভাৱনা সৃষ্টি কৰিব বুলি মই বিশ্বাস কৰোঁ।“
“আমাৰ সভ্যতা সংস্কৃতিৰ লগতে কৃষি আৰু গ্ৰাম্য অৰ্থনীতিত গোধনৰ গুৰুত্বক এই সাফল্যই পুনৰ শক্তিশালী ৰূপত আলোকিত কৰিলে। এই ঐতিহাসিক সাফল্যৰ সৈতে জড়িত সকলো বিজ্ঞানী, পশু চিকিৎসক, গৱেষক আৰু সহযোগীলৈ আন্তৰিক অভিনন্দন জনালোঁ।“- মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Assam Veterinary University)।
লগতে পঢ়ক: অসমত আহিব নেকি বৰভূঁইকপ ? সতৰ্কতা জাৰি
