ই-অটো আৰু ই-ৰিক্সা চলাচলৰ বাবে বাধ্যতামূলক হ’ব পৌৰসভাৰ পঞ্জীয়ন
-ই-অটো আৰু ই-ৰিক্সাৰ চালক-গৰাকীলৈ আহি গ’ল ডাঙৰ নিৰ্দেশনা
-এতিয়াৰে পৰা ই-অটো আৰু ই-ৰিক্সা চলাচলৰ বাবে বাধ্যতামূলক হ’ব পৌৰসভাৰ পঞ্জীয়ন (Golaghat E-Rickshaw Registration)
–গোলাঘাট পৌৰসভা এলেকাৰ চলাচলৰ বাবে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা
-২৮ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰত ভিতৰত পঞ্জীয়ন কৰিব লাগিব ই-ৰিক্সাসমূহ
-পঞ্জীয়নৰ বাবে কোনো ধৰণৰ মাছুল ভৰিব নালাগে চালক-গৰাকীয়ে
-পৌৰসভাত পঞ্জীয়ন নকৰা কোনো ই-অটো বা ই-ৰিক্সা পৌৰ এলেকাত চলিব নোৱাৰিব

-পৌৰ এলেকাৰ পৰা ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা চালক-গৰাকীৰ ই-অটো আৰু ই-ৰিক্সাহে গোলাঘাট চহৰত চলিব পাৰিব (Golaghat Municipality)
-পঞ্জীয়নৰ বাবে কি কি তথ্যৰ প্ৰয়োজন হ’ব ?
১. বাহনৰ পঞ্জীয়ন নম্বৰ (Registration Number)
২. গৰাকীৰ বৰ্তমান আৰু স্থায়ী ঠিকনা, আধাৰ কাৰ্ড আৰু ফোন নম্বৰ
৩. চালকৰ নাম, ঠিকনা, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ আৰু যোগাযোগৰ নম্বৰ
৪. বাহনখন চাৰ্জ কৰা নিয়মীয়া চাৰ্জিং ষ্টেচনৰ নাম আৰু স্থান
-গোলাঘাট পৌৰসভা আৰু জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এই পঞ্জীয়ন শিবিৰসমূহ অনুষ্ঠিত হ’ব
লগতে পঢ়ক: ভৰা ব্ৰহ্মপুত্ৰত আচৰিত দৃশ্য! তীব্ৰ চাঞ্চল্য
