নৃশংস হত্যাকাণ্ডৰ বলি হোৱা হোটেল বিলাস ইনৰ স্বত্বাধিকাৰীৰ বৰপেটাৰ ইছাপুৰহাটীস্থিত বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাস।
বৰপেটাৰ পৰা মইদুল ইছলামৰ প্ৰতিবেদন: বৃহস্পতিবাৰে সত্ৰনগৰী বৰপেটাৰ ইচ্ছাপুৰহাটীৰ ভৰালীৰ পৰিয়ালৰ বাসগৃহত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাস।বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে হেলনা ভৰালীৰ ভাতৃ ভূদেৱ ভৰালী, পুত্ৰ দেৱৰ্ষি কাশ্যপ আৰু বোৱাৰী ৰিণিকা কাশ্যপৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে। অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে কয় এনে বৰ্বৰ ঘটনাৰ লগত জড়িত ঘাতকক যাতে আইনে চৰম শাস্তি প্ৰদান কৰে তাৰ কাৰণে সকলোৱে অধীৰ অপেক্ষাৰে ৰৈ আছে।

বৰপেটাৰ ইচ্ছাপুৰহাটীৰ বিলাস ভৰালীৰ বাসগৃহত উপস্থিত হৈ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে কয় যে,- “এয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু নৃশংস ঘটনা। বৰপেটাৰ এটা সন্মানীয় ব্যৱসায়ী পৰিয়ালক এনেকৈ শেষ কৰি দিয়া ঘটনাই সকলোকে মৰ্মাহত কৰিছে। মই পৰিয়ালটোৰ খবৰ ল’বলৈ আহিছোঁ ।
ৰণজিৎ কুমাৰ দাসে ক’লে-আমি আইনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব । আইনে নিজৰ পথ ল’ব । মই দৃঢ় বিশ্বাসী, এনেকুৱা এটা চাঞ্চল্যকৰ ঘটনাক লৈ ন্যায়ালয়ে দোষীক চৰম শাস্তি প্ৰদান কৰিব ।

চৰকাৰখন পৰিয়ালটোৰ সৈতে আছে আৰু পৰিয়ালটোক শংকামুক্ত হৈ থাকিবলৈ আশ্বাস প্ৰদান ৰণজিৎ কুমাৰ দাসৰ । ঘনকান্ত গগৈৰ সৈতে অস্ত্ৰ থকা কথাটো চৰকাৰ অৱগত হোৱা হয় পূৰ্বেই অস্ত্ৰ জব্দ কৰিলেহেতেন । যিহেতু অসম চৰকাৰৰ পৰা অস্ত্ৰৰ অনুমতি নাছিল সেয়ে আৰক্ষী অবগত নাছিল বুলিও মন্তব্য প্ৰদান কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে ।
সমান্তৰালভাৱে বৰপেটাবাসীয়ে সহজ ভাৱে ল’ব পৰা নাই এই ঘটনা । ঘাতক ঘনকান্তকৰ শাস্তি বিচাৰি আজি পুৱা ছয় বজাৰ পৰা এঘাৰ বজালৈ সমগ্ৰ চহৰখনতে দোকান পোহাৰ বন্ধ ৰাখে স্থানীয় ৰাইজে আৰু এই বন্ধৰ মাজতে ঘাতক ঘনকান্তকৰ শাস্তি একমাত্ৰ ফাঁচী দিয়াৰ দাবী উত্থাপন কৰিছে সত্ৰনগৰী বৰপেটাৰ ৰাইজে ।
হেলেনা ভৰালীৰ বৰপেটাৰ বাসগৃহত মাত্ৰ কান্দোনৰ ৰোল । সমগ্ৰ ৰাজ্যৰ,ভৰালী পৰিয়াল তথা সত্ৰনগৰী বৰপেটাবাসীয়ে চৰকাৰ প্ৰসাশনলৈ অনুৰোধ জনায় অসম তথা কোনো ঠাইতে এই ঘটনাৰ পুনৰাবৃত্তি নহয় যাতে অসমবাসীয়ে তাৰ প্ৰতি সদায়ে দৃষ্টি নিক্ষেপ ৰাখিব লাগিব । সত্ৰনগৰী বৰপেটাৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ আহ্বান স্থানীয় ৰাইজ আৰু হেলেনা ভৰালীৰ ভাতৃ দিলীপ ভৰালীৰ কালৰ্পিত ঘনকান্তক এনকাউণ্টাৰ কৰিবলৈ আহ্বান দিলীপ ভৰালীৰ তথা স্থানীয় ৰাইজৰ ।
লগতে পঢ়ক: “বন্দুকটো আমি দিয়া নহয়”; বিলাস-ইন কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
