উৎকট গৰমৰ বাবে তিনিচুকীয়া জিলাত সলনি কৰা হৈছে বিদ্যালয়ৰ সময়সূচী। তিনিচুকীয়া জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক নিৰ্দেশনাযোগে এই সিদ্ধান্তৰ কথা সদৰি কৰা হৈছে।
প্ৰচণ্ড ৰ’দ আৰু ক্ৰমাগতভাৱে বৃদ্ধি পোৱা গৰমৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলা প্ৰশাসনে ১২ আগষ্টৰ পৰা পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে ৰাজ্যিক, প্ৰাদেশিকীকৃত, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ৰ সময়সূচী সংশোধন কৰিছে।
সংশোধিত সময়সূচী অনুসৰি নিম্ন প্ৰাথমিক শ্ৰেণী সমূহ পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ, উচ্চ প্ৰাথমিক শ্ৰেণীসমূহ পুৱা ৮ বজাৰ পৰা দিনৰ ১:৩০ বজালৈ আৰু হাইস্কুল তথা ছিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়সমূহ পুৱা ৮ বজাৰ পৰা দিনৰ ১:৪৫ বজালৈ চলিব। আঞ্চলিক অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তিনিচুকীয়া জিলা চক্ৰ আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়কে জাৰি কৰা পৃথক সুকীয়া নিৰ্দেশনাত উল্লেখ কৰা মতে, উত্তাপ হঠাতে বৃদ্ধি পোৱা আৰু শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত এক আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে গ্ৰহণ কৰা হৈছে।

১১ আগষ্ট তাৰিখৰ এই নিৰ্দেশনাত কোৱা হৈছে যে বতৰ স্বাভাৱিক নোহোৱালৈকে বা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই সংশোধিত সময়সূচী বলৱৎ হৈ থাকিব।
ইয়াৰ উপৰিও বিদ্যালয়সমূহক কেইবাটাও তাপ-সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পুৱাৰ প্ৰাৰ্থনা সভা বতাহ-বৰষুণ পৰা বা ৰ’ঘ নপৰা ছাঁ থকা ঠাই যেনে বাৰান্দা বা গছৰ তলত অনুষ্ঠিত কৰিব লাগিব। দেহত পানীৰ অভাৱ প্ৰতিৰোধ কৰিবলৈ শিক্ষাৰ্থীসকলক পানীৰ বটল লগত আনিবলৈ আৰু বাৰে বাৰে পানী খাবলৈ পৰামৰ্শ দিয়া হৈছে।
কতৃপক্ষই এই সময়ছোৱাত শিক্ষাৰ্থীসকলক মোজা, জোতা আৰু টাই নিপিন্ধাকৈ বিদ্যালয়লৈ আহিবলৈ নিৰ্দেশ দিছে। তাৰোপৰি গৰমৰ বাবে অসুস্থ হোৱা শিক্ষাৰ্থীসকলক জৰুৰীভাৱে চিকিৎসা প্ৰদান কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে।
বিদ্যালয় কতৃপক্ষক শ্ৰেণীকোঠাসমূহত পৰ্যাপ্ত বতাহৰ চলাচল, চিলিং ফেন, সঠিক বিদ্যুৎ সংযোগ আৰু সুৰক্ষিত ইলেক্ট্ৰিক চুইচব’ৰ্ড নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
প্ৰশাসনে শ্ৰেণীকোঠাত সুচাৰুৰূপে বতাহ চলাচল কৰিব পৰা বহাৰ ব্যৱস্থা কৰাৰ লগতে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰসমূহ নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰখাৰ দৰে অনাময় ব্যৱস্থাত গুৰুত্ব আৰোপ কৰিছে।
বিদ্যালয়ৰ প্ৰধানসকলক সংশোধিত সময়সূচী আৰু আগতীয়া সতৰ্কতামূলক ব্যৱস্থাসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক- কৰ্মচাৰীসকলক অৱগত কৰিবলৈ কোৱা হৈছে।
লগতে পঢ়ক: ১৫ আগষ্টৰ পাছতহে খুলিব এইসমূহ বিদ্যালয়!
