Voice of Eastern India

অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ


অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়োজন

 

এবিক্কে কামৰূপ, গুৱাহাটী, ১৮ জুলাই, ২০২৬: আজি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ উদ্যোগত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজ্যিক মহাসচিব আৰু সাংগঠনিক সচিবসকলৰ কৰ্মশালাৰ শুভ উদ্বোধন সম্পন্ন হয়। এই গুৰুত্বপূৰ্ণ আয়োজনৰ মূল উদ্দেশ্য হৈছে ভাৰতীয় ইতিহাসৰ গৌৰৱোজ্জ্বল অধ্যায়সমূহ সংকলন কৰি নতুন প্ৰজন্মৰ আগত সঠিক ঐতিহাসিক তথ্য উপস্থাপন কৰা।

অনুষ্ঠানৰ শুভাৰম্ভ ৰাতিপুৱা ১০:০০ বজাত দীপ প্ৰজ্বলন, মঙ্গলাচৰণ আৰু সংকল্প গ্ৰহণৰ জৰিয়তে কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা অখিল ভাৰতীয় ইতিহাস সংকলন যোজনা , অসমৰ উপ-সভাপতি প্ৰফেছৰ ৰমেশ চন্দ্ৰ ডেকাই আদৰণি ভাষণত উপস্থিত সকলো অতিথি আৰু প্ৰতিনিধিক আন্তৰিকভাৱে স্বাগতম জনায়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব শ্ৰী তৰংগ গগৈ উপস্থিত থাকে। তেওঁ নিজৰ ভাষণত কয়, “ইতিহাস যিকোনো জাতিৰ আত্মা। আমাৰ গৌৰৱোজ্জ্বল ইতিহাস পুনঃপ্ৰতিষ্ঠা কৰাটো বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজন।” অনুষ্ঠানত বিশেষ অতিথি হিচাপে স্থানীয় বিধায়ক শ্ৰী বিজয় গুপ্তাও উপস্থিত থাকি এই সাংস্কৃতিক আৰু ঐতিহাসিক প্ৰচেষ্টাৰ প্ৰশংসা কৰে।

এই অনুষ্ঠানতে ইতিহাস বিষয়ক দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ দুখন হ’ল -হেমন্ত ঢিং মজুমদাৰে সম্পাদনাত

“The Glorious Itihas of Assam” আৰু ড° ভৰত কলিতাই ৰচনা কৰা শ্ৰী লালজি সোণাৰীয়ে হিন্দী অনুবাদ কৰা

মধ্যকালীন অসমৰ সামৰিক ইতিহাস”।

মুখ্য বক্তা হিচাপে অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সচিব ড° বালমুকুন্দ পাণ্ডেয়ে ইতিহাস ৰচনাত বস্তুনিষ্ঠতা, তথ্যভিত্তিক গৱেষণা আৰু ভাৰতীয় দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত হিমাচল প্ৰদেশ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ এছ.পি. বংছল আৰু অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ সংৰক্ষক প্ৰমুখ শ্ৰী গোপাল নাৰায়ণ সিংহে অতিথি হিচাপে উপস্থিত থাকি নিজৰ মূল্যবান বক্তব্য আগবঢ়ায়।

অনুষ্ঠানৰ সভাপতিত্ব কৰে অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰফেছৰ ঈশ্বৰ শৰণ বিশ্বকৰ্মাই। উদ্বোধনী অধিৱেশনৰ অন্তত কটন বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড° হীৰেন ডেকাই ধন্যবাদ জ্ঞাপন কৰে আৰু “বন্দে মাতৰম” গানেৰে অনুষ্ঠানৰ উদ্বোধনী পৰ্ব সমাপ্ত হয়।

উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গৱেষক, ইতিহাসবিদ আৰু প্ৰতিনিধিসকলে এই আলোচনা চক্ৰত ভাৰতীয় ইতিহাসৰ বহুতো অনালোচিত আৰু গুৰুত্বপূৰ্ণ দিশৰ ওপৰত গভীৰ আলোচনা আৰু মতবিনিময় কৰে।

 



Source link

Leave A Reply

Your email address will not be published.