Voice of Eastern India

ধেমাজি ডায়েটৰ বহুভাষিক কৰ্মশালা



DIET ধেমাজিত বহুভাষিক শিক্ষণ সামগ্ৰী উন্নয়ন বিষয়ক তিনি দিনীয়া কৰ্মশালাৰ সফল সামৰণি

 

ABKK- Kamrupa, ধেমাজি, ১৯ জুলাই: টাটা ট্ৰাষ্টৰ আৰ্থিক সহায়, ActionAid-ৰ সহযোগিতা আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET), ধেমাজিৰ উদ্যোগত আয়োজিত “Multilingual Resource Material Development Workshop on Strengthening Access to Quality Education” শীৰ্ষক তিনি দিনীয়া কৰ্মশালাখনি ২০২৬ চনৰ ১৬ জুলাইৰ পৰা ১৮ জুলাইলৈ সফলতাৰে অনুষ্ঠিত হৈ যায়।

এই কৰ্মশালাৰ মূল লক্ষ্য আছিল প্ৰাৰম্ভিক পৰ্যায়ৰ শিশুসকলৰ বাবে মাতৃভাষাভিত্তিক, সাংস্কৃতিকভাৱে প্ৰাসংগিক আৰু আকৰ্ষণীয় মানসম্পন্ন শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অংশগ্ৰহণকাৰীসকলৰ দক্ষতা বৃদ্ধি কৰা। কৰ্মশালাখনত শিক্ষা, ভাষা আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মুঠ ২৮ জন প্ৰতিনিধিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
উক্ত কাৰ্যসূচীত Mising Agom Kebang (MAK), Sadou Mising Shikshak Somaj (SMSS), Ayang Trust আৰু TMPK-ৰ প্ৰতিনিধিসকলৰ সক্ৰিয় উপস্থিতি তথা মূল্যৱান মতামতে বহুভাষিক শিক্ষা আৰু থলুৱা সংস্কৃতি-ভিত্তিক শিক্ষণ সামগ্ৰী বিকাশৰ ক্ষেত্ৰত এক ফলপ্ৰসূ সহযোগিতামূলক পৰিৱেশ সৃষ্টি কৰে।
তিনি দিনীয়া এই কাৰ্যসূচীত শিশু উপযোগী Rhymes (শিশু গীত), Folk Story (লোককথা/সাধুকথা) আৰু Picture Story (চিত্ৰকাহিনী) আদি প্ৰস্তুত কৰাৰ ওপৰত ব্যৱহাৰিক তথা হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰা হয়। অংশগ্ৰহণকাৰীসকলে বিভিন্ন দলত বিভক্ত হৈ শিশু উপযোগী ছন্দ, সাধুকথা আৰু চিত্ৰকাহিনী আদি প্ৰস্তুত কৰি উপস্থাপন কৰে, যিসমূহ ভৱিষ্যতে বহুভাষিক শিক্ষা ব্যৱস্থাত সমল হিচাপে ব্যৱহাৰ কৰা হ’ব।
কৰ্মশালাখনৰ সামগ্ৰিক নেতৃত্ব প্ৰদান কৰে DIET ধেমাজিৰ অধ্যক্ষ শ্ৰীমতী মৌচুমী বৰুৱা বৰদলৈয়ে। সমগ্ৰ কৰ্মশালাখন সুচাৰুৰূপে সমন্বয় আৰু পৰিচালনা কৰে জ্যেষ্ঠ প্ৰবক্তা শ্ৰী ইন্দ্ৰজিৎ গামে।
কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে এনেধৰণৰ বহুভাষিক সম্পদ উন্নয়নমূলক প্ৰশিক্ষণ ভৱিষ্যতেও ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আয়োজক মণ্ডলীয়ে আশা প্ৰকাশ কৰে যে, কৰ্মশালাত প্ৰস্তুত হোৱা মাতৃভাষাভিত্তিক শিক্ষণ সামগ্ৰীসমূহে প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়বোৰত শিশুসকলৰ শিক্ষণ প্ৰক্ৰিয়াক অধিক আনন্দদায়ক, অন্তৰ্ভুক্তিমূলক আৰু ফলপ্ৰসূ কৰি তুলিব।



Source link

Leave A Reply

Your email address will not be published.