Voice of Eastern India

নিজা আঁচনি অবিহনেই ১.৭ কোটি খৰচ এক্ট ইষ্ট বিভাগৰ


অসম চৰকাৰে বিধানসভাক অৱগত কৰিছে যে এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ বিভাগে কোনো স্বতন্ত্ৰ প্ৰকল্প ৰূপায়ণ কৰা নাই। তাৰ ফলস্বৰূপে প্ৰকল্পভিত্তিক পুঁজি আবণ্টন বা ৰূপায়ণৰ অগ্ৰগতিৰ প্ৰতিবেদন দিবলৈ নাই।

‘এক্ট ইষ্ট পলিচী এফেয়াৰ্ছ’ বিভাগে কোনো আন্তঃগাঁথনি বা উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ নকৰে যদিও, ভাৰতৰ এক্ট ইষ্ট পলিচীৰ অধীনত অসমৰ কৌশলগত ভূমিকাক শক্তিশালী কৰাৰ উদ্দেশ্যে ই কূটনৈতিক যোগাযোগ, শৈক্ষিক সম্প্ৰসাৰণ আৰু আঞ্চলিক সহযোগিতাৰ পদক্ষেপসমূহৰ বাবে এটা সমন্বয়ক মঞ্চ হিচাপে কাম কৰে।

যোৱা ৯ জুলাই বৃহস্পতিবাৰে কংগ্ৰেছ নেতা তথা বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ মন্ত্ৰী বিমল বৰাই কয় যে বিভাগটোৱে ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত প্ৰধানতঃ আন্তঃৰাষ্ট্ৰীয় সংযোগ, নীতি আলোচনা আৰু আঞ্চলিক সহযোগিতাৰ সুবিধা প্ৰদানকাৰী হিচাপে কাম কৰে।

চুবুৰীয়া দেশ আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে অসমৰ সংযোগ আৰু সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় সন্মিলন, কূটনৈতিক আদান-প্ৰদান, শৈক্ষিক সংযোগ আৰু নীতি আলোচনাৰ আয়োজন কৰাৰ বাবে বিভাগটোৱে নিজৰ বাজেট ব্যৱহাৰ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ২০২২ চনৰ পৰা এই পদক্ষেপসমূহত ১.৭০ কোটিতকৈ অধিক ব্যয় কৰা হৈছে।

বিভাগটোৰ অন্যতম প্ৰধান পদক্ষেপ আছিল ভাৰত-আছিয়ান সম্পৰ্কৰ ৩০ বছৰীয়া সোঁৱৰণত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত ২০২২ চনৰ ২৭ মে’ত গুৱাহাটীত আয়োজন কৰা “এক্ট ইষ্ট থ্ৰু নৰ্থ ইষ্ট” কনক্লেভ।

এই সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যৰ উচ্চপদস্থ বিষয়া, আছিয়ান দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্ত, নীতি নিৰ্ধাৰকসকল একত্ৰিত হয়। উত্তৰ-পূব ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত পথ, ৰেল, জলপথ, বায়ু আৰু ডিজিটেল সংযোগ বৃদ্ধিৰ ওপৰত কেন্দ্ৰিত আলোচনাৰ লগতে পৰ্যটন, চাহ, বস্ত্ৰশিল্প আৰু বাঁহ আৰু নহৰুকে ধৰি আঞ্চলিক সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰতো সহযোগিতা অন্বেষণ কৰা হয়।

২০২২ চনৰ ২৮-২৯ মে’ত বিভাগটোৱে এম ই এ আৰু এছিয়ান কনফ্লুয়েন্সৰ সৈতে যৌথভাৱে নাডি ৩.০ সন্মিলনৰ আয়োজন কৰে। আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বংগ উপসাগৰ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত জল ব্যৱস্থাপনা, নদী সংৰক্ষণ আৰু আঞ্চলিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।  উদ্বোধনী অধিৱেশনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, তেতিয়াৰ বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড০ এ. আব্দুল মমেন, থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ডন প্ৰমুদ্বিনাই, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেতিয়াৰ বিভাগীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী উপস্থিত থাকে।

বিধানসভাৰ উত্তৰ অনুসৰি দুয়োটা অনুষ্ঠানৰ বাবে মুঠ ব্যয় হৈছে ১,২৩,৫০,৫৪৮ টকা। বাংলাদেশৰ স্বাধীনতা ৫০ বছৰীয়া জয়ন্তী আৰু ভাৰতৰ আজাদী কা অমৃত মহোৎসৱৰ উদযাপনৰ অংশ হিচাপে ২০২২ চনৰ ১৬ জুনৰ পৰা ২০ জুনলৈ বাংলাদেশৰ পৰা ২৫ জনীয়া প্ৰতিনিধি দলে অসম ভ্ৰমণ কৰা বুলিও সদনত অৱগত কৰে চৰকাৰে।  ১৫জন স্বাধীনতা সংগ্ৰামী, ছয়জন সাংবাদিক আৰু চাৰিজন যুৱ প্ৰতিনিধিৰে গঠিত প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী, মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াৰ সৈতে মত বিনিময় কৰাৰ পূৰ্বে ধৰ্মীয়, সাংস্কৃতিক আৰু ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰে। ভাৰত আৰু বাংলাদেশৰ মাজত সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীত ১০,৯৯,৭১০ টকা ব্যয় কৰা হৈছিল।

লগতে পঢ়ক: বিধানসভাত জুবিন ক্ষেত্ৰৰ প্ৰসংগ; প্ৰতিটো সমষ্টিত জুবিন গাৰ্গৰ স্মৃতিত অত্যাধুনিক প্ৰেক্ষাগৃহ স্থাপনৰ প্ৰস্তাৱ

Source link



Source link

Leave A Reply

Your email address will not be published.