ডা০ ভূপেন ডেকাৰ দ্বাৰা ৰচিত চুটি গল্পৰ সংকলন “হুৰাই দিওঁ সৰগৰ তৰা” উন্মোচন
ABKK Kamrupa গুৱাহাটী – ১৮ জুলাই, ২০২৬ তাৰিখ শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্লাস্টিক চাৰ্জাৰী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডাঃ ভূপেন ডেকাৰ দ্বাৰা ৰচিত এখনি চুটি গল্পৰ সংকলন “হুৰাই দিওঁ সৰগৰ তৰা” গুৱাহাটীৰ আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। এই উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট গল্পকাৰ তথা সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক দেবব্রত দাস, বিশিষ্ট লেখক, শিক্ষাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড০ মহেশ্বৰ কলিতাই যথেষ্ট সংখ্যক সাহিত্যনুৰাগীৰ উপস্থিত এই গ্রন্থ উন্মোচন কৰে।
উক্ত সভাখনত আঁত ধৰে জয়ন্ত শমাই। ডাঃ ভূপেন ডেকাৰ এইখন যষ্ঠখন গ্রন্থ। ইয়াৰ আগতেও তেখেতে “আমাৰ সাহিত্য সংস্কৃতিত চৰাই-চিৰিকটিৰ কথা”ৰ দৰে অতি তত্বগধুৰ কিতাপ ৰচনা কৰি থৈছে। ইয়াৰ পিছত তেওঁ ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত ৰচিত কিতাপ “উত্তৰ পূৰ্বাঞ্চলত মহাভাৰতৰ প্ৰসঙ্গ” পুথি ৰচনা কৰে। তাৰ পিছত তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ “প্লাষ্টিক চাৰ্জাৰীৰ কথা” ৰচনা কৰিছে। ইয়াৰ উপৰিও “Light and Shade” আৰু হাইকু কবিতা পুথিৰ সংকলন ‘জোনাক নিশাৰ গান’ ৰচনা কৰে। সভাৰ অন্তত এই গল্প সংকলনখনৰ প্ৰকাশন গোষ্ঠী প্ৰজ্ঞা মেডিয়াহাইপৰ হৈ উজ্জল বৰাই শলাগৰ শৰাই আগবঢ়ায়।

