Voice of Eastern India

LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ!১৬ আগষ্টৰ আগতেই কৰক এই কাম


আপুনি যদি ঘৰুৱা LPG গ্ৰাহক, তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। মাত্ৰ এটা সৰু কাম সময়মতে নকৰিলে লাভ নকৰিব পাৰে LPG সেৱা আৰু চিলিণ্ডাৰৰ বাবে অধিক মূল্য দিবলগীয়া হ’ব পাৰে।

অসমৰ সকলো ঘৰুৱা LPG গ্ৰাহকক অহা ১৬ আগষ্টৰ ভিতৰত আধাৰ-ভিত্তিক e-KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজহুৱা খণ্ডৰ তেল বিপণন প্ৰতিষ্ঠানসমূহে (OMCs) এই প্ৰক্ৰিয়াক বাধ্যতামূলক কৰিছে।

যিসকল গ্ৰাহকে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত e-KYC সম্পূৰ্ণ নকৰে, তেওঁলোকে ৰাজসাহাৰ্য যুক্তLPG চিলিণ্ডাৰ লাভ কৰাৰ যোগ্যতা হেৰুৱাব পাৰে। এনে ক্ষেত্ৰত তেওঁলোকক ব্যৱসায়িক দৰত চিলিণ্ডাৰ ক্ৰয় কৰিবলগীয়া হ’ব পাৰে।

e-KYC সম্পূৰ্ণ কৰাৰ বাবে গ্ৰাহকে নিজৰ গেছ এজেঞ্চিলৈ গৈ আধাৰৰ তথ্য আৰু LPG গ্ৰাহকৰ তথ্য সত্যাপন কৰিব পাৰে। ইয়াৰ উপৰিও IndianOil ONE, HP Pay অথবা Bharatgas-ৰ অফিচিয়েল এপ ব্যৱহাৰ কৰি বায়’মেট্ৰিক বা ফেচ অ’থেণ্টিকেশ্যনৰ জৰিয়তেও এই প্ৰক্ৰিয়া সহজেই সম্পূৰ্ণ কৰিব পাৰি।

এই অভিযানৰ মূল উদ্দেশ্য হৈছে ভুৱা বা একাধিক LPG সংযোগ বন্ধ কৰা আৰু চৰকাৰী ৰায়ত যাতে প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈহে যায়, সেয়া নিশ্চিত কৰা।

গেছ এজেঞ্চিসমূহেও গ্ৰাহকক শেষ মুহূৰ্তলৈ অপেক্ষা নকৰি ১৬ আগষ্টৰ আগতেই e-KYC সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিছে, যাতে ৰাজসাহাৰ্য যুক্ত LPG চিলিণ্ডাৰৰ সুবিধা অব্যাহত থাকে।

গতিকে যদি এতিয়াও e-KYC কৰা নাই, তেন্তে দেৰী নকৰি আজিয়েই এই কাম সম্পূৰ্ণ কৰক ।

লগতে পঢ়ক : কৃষকসকললৈ সুখবৰ! ৫ বছৰলৈ অব্যাহত থাকিব এই চৰকাৰী সুবিধা

Source link



Source link

Leave A Reply

Your email address will not be published.