SKAC Election 2026: সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা, জানক মনোনয়ন আৰু ভোটগণনাৰ সবিশেষ।
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ (SKAC) সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে। আয়োগৰ ঘোষণা অনুসৰি, অহা ৩০ নৱেম্বৰত পৰিষদখনৰ ৩২টা সমষ্টিতে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। মঙলবাৰে (৩ নৱেম্বৰ) নিৰ্বাচনৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰে আয়োগে (SKAC Election 2026)।
নিৰ্বাচনী সূচী অনুসৰি, ১০ নৱেম্বৰলৈকে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ১২ নৱেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। ১৬ নৱেম্বৰ হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন। সেইদিনাই প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব। আনহাতে, ৩ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হোৱাৰ বিপৰীতে ৫ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে (Assam Autonomous Council Election)।
এইবাৰৰ নিৰ্বাচনত মুঠ ১,৬৩,৯৬৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ৭৯,২৯৫ গৰাকী পুৰুষ আৰু ৮৪,৬৬৭ গৰাকী মহিলা ভোটাৰ। আন শ্ৰেণীৰ ভোটাৰৰ সংখ্যা চাৰি। নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৩২টা সমষ্টিত মুঠ ৩৩৭টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে।
আয়োগে প্ৰকাশ কৰা অধিসূচনা অনুসৰি, ৩ নৱেম্বৰৰ পৰাই আৰম্ভ হৈছে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া। ৰাজহুৱা বন্ধৰ দিনৰ বাহিৰে কৰ্মদিনত পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ মনোনয়ন পত্ৰ জমা দিব পাৰিব প্ৰাৰ্থীসকলে। ১০ নৱেম্বৰত এই প্ৰক্ৰিয়াৰ অন্ত পৰিব।
ইফালে, ৩০ নৱেম্বৰত পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ চলিব। কোনো কাৰণত পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হ’লে ১ ডিচেম্বৰত একে সময়তে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব। ৩ ডিচেম্বৰত পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। গণনা সম্পূৰ্ণ নোহোৱালৈকে এই প্ৰক্ৰিয়া চলি থাকিব।
