Voice of Eastern India

Duliajan Triple Murder Case: আৰক্ষীৰ জালত দুলীয়াজান কাণ্ডৰ দুই অভিযুক্ত ৰাজু দাস আৰু অমিৰ দাস


Duliajan Triple Murder Case: আটক দুলীয়াজান কাণ্ডৰ সন্দেহযুক্ত ঘাতক ৰাজু-আমিৰক।

দুলীয়াজানৰ কমলাবাৰীৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ তদন্তত আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক চলন্ত ৰে’লৰ পৰা আটক কৰিছে আৰক্ষীয়ে।

আটকাধীন লোক দুজন ৰাজু দাস আৰু আমিৰ দাস বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা অনুসৰি, শিমলুগুৰিৰ সমীপত ৰে’লযোগে যাত্ৰা কৰি থকা অৱস্থাত দুয়োকে আটক কৰা হয়। অৱধ আছাম এক্সপ্ৰেছেৰে পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে কৰায়ত্ত কৰে দুয়োকে (Duliajan Triple Murder Case)।

মৰাণ আৰক্ষীৰ তৎপৰতা শিমলুগুৰি ৰে’ল ষ্টেচনৰ পৰা অভিযুক্ত দুটাক আটক কৰে আৰক্ষীয়ে । ইতিমধ্যে দুয়োজনকে মৰাণ আৰক্ষী থানাত হাজিৰ কৰা হৈছে । জানিব পৰা মতে আটকাধীন দুই সন্দেহযুক্ত ঘাতকৰ পৰা সোণৰ গহনা আৰু নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে (Duliajan Crime News) ।

উল্লেখ্য যে সোমবাৰে সন্ধিয়া দুলীয়াজানৰ কমলাবাৰীৰ এটা বাসগৃহৰ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছিল একেটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃতদেহ। মৃতদেহকেইটা আছিল পিতৃ, মাতৃ আৰু তেওঁলোকৰ কন্যাৰ। এই ভয়ংকৰ ঘটনাই দুলীয়াজান অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

ঘটনাৰ পিছৰে পৰা হত্যাকাণ্ডৰ আঁৰত কোন জড়িত, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছিল আৰক্ষীয়ে। অৱশেষত দুজন লোকক আটক কৰাৰ পিছতে তদন্তই লাভ কৰিছে নতুন গতি।

ইফালে, কি কাৰণত এটা পৰিয়ালৰ তিনিজনকৈ সদস্যক হত্যা কৰা হ’ল, সেই ৰহস্য এতিয়াও উদ্ঘাটন হোৱা নাই। হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ আঁৰৰ সকলো দিশ পোহৰলৈ আনিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: Duliajan News: দুলীয়াজানৰ কমলাবাৰীত ৰাজ্য কঁপাই যোৱা ঘটনা

Source link



Source link

Leave A Reply

Your email address will not be published.