Guwahati Hotel Firing: গুৱাহাটীৰ হত্যাকাণ্ডই নিঠৰুৱা কৰিলে দুই শিশুক, এতিয়াও নাজানে পিতৃ-মাতৃৰ মৃত্যুৰ কথা।
গুৱাহাটীৰ উলুবাৰীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাই কাঢ়ি নিলে পাঁচটাকৈ জীৱন। এই নৃশংস হত্যাকাণ্ডৰ পিছত এতিয়া পোহৰলৈ আহিছে আন এক কৰুণ ছবি। চকুৰ সন্মুখতে আপোনজনক হেৰুওৱা পৰিয়ালটোৰ মাজত এতিয়া কান্দোনৰ ৰোল। তাৰ মাজতে একো বুজি নোপোৱা অৱস্থাত মাকক বিচাৰি ফুৰিছে দুটি কণমানি শিশুৱে (Guwahati Hotel Firing)।
গুলীচালনাত প্ৰাণ হেৰুওৱা হেলেনা বি ভৰালীৰ পুত্ৰ দেৱৰ্ষি ইশান কাশ্যপ আৰু বোৱাৰী ৰিণিকাৰ দুটি সন্তান এতিয়া পিতৃ-মাতৃহাৰা। সাত বছৰীয়া কাইৰা আৰু দুবছৰীয়া ইভানে এতিয়াও বুজি পোৱা নাই যে তেওঁলোকৰ জীৱনৰ পৰা মাক-দেউতাক চিৰদিনৰ বাবে আঁতৰি গৈছে। মাজে মাজে মাকক বিচাৰি হাহাকাৰ কৰে শিশুদুটিয়ে। কিন্তু তেওঁলোকক সান্ত্বনা দিবলৈ আত্মীয়সকলে ক’বলগীয়া হৈছে- মাক বাহিৰলৈ গৈছে, অলপ পিছতে উভতি আহিব (Guwahati Hotel Shooting Incident)।
বৰ্তমান শিশুদুটিৰ চোৱা-চিতাৰ দায়িত্ব লৈছে তেওঁলোকৰ মাতৃৰ ফালৰ আইতাকে। আত্মীয়সকলে মৰমেৰে দুয়োকে আগুৰি ৰাখিছে যদিও মাকৰ অনুপস্থিতিয়ে যে তেওঁলোকক বাৰে বাৰে আমনি কৰিছে, সেয়া স্পষ্ট হৈ পৰিছে।
উল্লেখ্য যে সোমবাৰে নিশা হোটেল বিলাস ইনত লীজৰ চুক্তিক লৈ সৃষ্টি হোৱা মতানৈক্যই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। অভিযোগ অনুসৰি, সেই বিবাদৰ মাজতে দুৰ্বৃত্ত ঘনকান্ত গগৈয়ে নিচেই ওচৰৰ পৰা গুলীচালনা কৰে। এই ঘটনাত হেলেনা বি ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি ইশান কাশ্যপ, বোৱাৰী ৰিণিকা, হেলেনাৰ ভাতৃ ভূদেৱ ভৰালী আৰু নাৰায়ণ দাস নামৰ এগৰাকী তত্ত্বাৱধায়কৰ মৃত্যু হয়।
আনহাতে, ভূদেৱ ভৰালীৰ গাড়ীচালক সত্যেন্দ্ৰ পাঠকো গুলীবিদ্ধ হয়। তেওঁক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, হোটেলখনৰ লীজৰ চুক্তি সম্পৰ্কীয় বিবাদ মীমাংসা কৰিবলৈ ভূদেৱ ভৰালী বৰপেটাৰ পৰা গুৱাহাটীলৈ আহিছিল। কিন্তু সমস্যা সমাধানৰ উদ্দেশ্যে অনুষ্ঠিত বৈঠকখনেই শেষত পৰিণত হ’ল ৰক্তাক্ত ঘটনাত।
এফালে পাঁচজন লোকৰ মৃত্যুক লৈ শোকস্তব্ধ পৰিয়াল, আনফালে মাক-দেউতাকৰ উভতি অহাৰ অপেক্ষাত থকা দুটি কণমানি। ঘটনাটোৰ এই কৰুণ দিশটোৱে সকলোৰে চকু সেমেকাই তুলিছে।
লগতে পঢ়ক: Guwahati Hotel Shooting: পোহৰলৈ হোটেল বিলাস ইন কাণ্ডৰ ন-ন তথ্য
