Voice of Eastern India

Himashri Boro death case: হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু! ৰেল মন্ত্ৰী আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী পত্ৰ


Himashri Boro death case: ৰে’লযাত্ৰাত কি ঘটিছিল হিমাশ্ৰীৰ সৈতে? মৃত্যুৰ তদন্তৰ বাবে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ।

অন্ধ্ৰ প্ৰদেশত অসমৰ যুৱতী হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰে’লযোগে ঘৰলৈ উভতি অহাৰ পথতে সন্ধানহীন হোৱা ২০ বছৰীয়া ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় অন্ধ্ৰ প্ৰদেশত। এই ঘটনাৰ নিৰপেক্ষ আৰু ক্ষীপ্ৰ তদন্তৰ দাবী জনাইছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himashri Boro death case)।

ঘটনাটোৰ উচিত তদন্ত নিশ্চিত কৰিবলৈ ৯ অক্টোবৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুলৈ পত্ৰ লিখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হিমাশ্ৰীৰ মৃত্যুৰ আঁৰৰ ঘটনা পোহৰলৈ আনিবলৈ তেওঁ দুয়োগৰাকী নেতাৰ হস্তক্ষেপ বিচাৰিছে (Himashri Boro mysterious death)।

ইতিমধ্যে ঘটনাটোৰ তদন্তত সহায় কৰিবলৈ অসম আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াক অন্ধ্ৰ প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ স্থানীয় আৰক্ষীৰ সৈতে সমন্বয় ৰক্ষা কৰি তদন্তৰ কামত সহযোগ কৰিব।

ছ’চিয়েল মিডিয়াযোগেও হিমাশ্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই তেওঁ কয় যে এই দুখৰ সময়ত পৰিয়ালটোৰ প্ৰতি তেওঁৰ গভীৰ সমবেদনা আছে।

গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী হিমাশ্ৰী বড়োৰ ঘৰ কামৰূপ জিলাত। মুখ্যমন্ত্ৰীয়ে লিখা পত্ৰ অনুসৰি, এটা নৃত্যৰ দলৰ সৈতে তেওঁ বিশাখাপট্টনমলৈ গৈছিল। তাৰ পৰাই গুৱাহাটীলৈ উভতি আহিছিল ছাত্ৰীগৰাকী।

যোৱা ৫ অক্টোবৰত বিশাখাপট্টনমৰ পৰা ডিব্ৰুগড় অভিমুখী বিবেক এক্সপ্ৰেছত উঠিছিল হিমাশ্ৰী। ৰে’লখনৰ নম্বৰ ২২৫০৩। কিন্তু পিছদিনা পৰিয়ালৰ লোকে তেওঁৰ পৰা লাভ কৰা এটা বাৰ্তাই সকলোকে চিন্তিত কৰি তোলে।

৬ অক্টোবৰত প্ৰেৰণ কৰা বাৰ্তাটোত হিমাশ্ৰীয়ে তেওঁৰ চাৰিওফালে কেইবাজনো পুৰুষ থকা বুলি উল্লেখ কৰি ভয় প্ৰকাশ কৰিছিল। তাৰ পিছতে তেওঁৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় আৰু তেওঁ সন্ধানহীন হয়।

পৰৱৰ্তী সময়ত ৰে’লখনৰ এছ-২ ডবাৰ পৰা উদ্ধাৰ কৰা হয় হিমাশ্ৰীৰ বেগ। ইয়াৰ পিছতে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ মালয়াপুৰমৰ সমীপৰ এখন বনাঞ্চলত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।

হিমাশ্ৰীৰ সন্ধানহীন হোৱা আৰু পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ ক্ৰমক লৈ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘটনাটোত কোনো অপৰাধ সংঘটিত হৈছিল নেকি, সেয়া স্পষ্ট কৰিবলৈ প্ৰতিটো দিশ পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ দাবী জনাইছে তেওঁ।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰত হিমাশ্ৰীয়ে ৰে’লত উঠাৰ পৰা আৰম্ভ কৰি সন্ধানহীন হোৱা আৰু অৱশেষত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱালৈকে প্ৰতিটো ঘটনাৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে শৰ্মাই।

আনহাতে, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ লিখা পত্ৰত ৰে’লযাত্ৰাৰ সময়ত কি ঘটিছিল, সেই বিষয়ে ৰে’ল বিভাগৰ জৰিয়তে বিস্তৃত তদন্তৰ দাবী জনাইছে।

এই ঘটনাই অসমত গভীৰ শোক আৰু উদ্বেগৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে দোষী কোনো ব্যক্তি জড়িত থকাৰ প্ৰমাণ পোৱা গ’লে তেওঁলোকক চিনাক্ত কৰি শীঘ্ৰে আইনৰ আওতালৈ অনাৰ আহ্বান জনাইছে।

লগতে পঢ়ক: Guwahati Girl Missing Andhra Pradesh: নিৰুদ্দেশৰ পিছত অন্ধ্ৰপ্ৰদেশত মৃতদেহ উদ্ধাৰ, হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

Source link





Source link

Leave A Reply

Your email address will not be published.