Zubeen Garg birth anniversary: জুবিনবিহীন জন্মদিনত অনুৰাগীৰ বিশেষ উপহাৰ, বৰপেটাত মুকলি হ’ল ‘জুবিন প্ৰাংগণ’। বৰপেটাৰ পৰা মইদুল ইছলামৰ প্ৰতিবেদন-
জুবিন গাৰ্গবিহীন দ্বীতিয়তো ওপজা দিনতে বৰপেটাত উন্মোচন হ’ল হিয়াৰ আমঠু শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি। সমগ্ৰ ৰাজ্যতে জুবিনবিহীন জন্মদিন উদযাপন কৰাৰ লগতে বৰপেটা ফেচবুক ফ’ৰামৰ উদ্যোগত নবীন চন্দ্ৰ বৰদলৈ পাৰ্কৰ জুবিন প্ৰাংগনত সংগীত জগতৰ প্ৰাণস্পন্দন, অনুৰাগীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে (Zubeen Garg birth anniversary)।
বৰপেটাৰ ইন্দ্ৰপূৰী চিনেমা হলৰ সন্মুখৰ জুবিন প্ৰাংগনত স্থাপন কৰা প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাস, বোলছবি নিৰ্মাতা কুষাণ চৌধুৰী, বিশিষ্ট সংগীত শিল্পী কবীন্দ্ৰ নাথ দাস, সমাজকৰ্মী অনিল দাসকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে (Zubeen Garg Statue Barpeta)।

অনুষ্ঠানৰ আৰম্ভণিতে বৰপেটা পৌৰসভাৰ পৌৰপতি শ্ৰীছবিলাল দাসে জুবিন প্ৰাংগনৰ প্ৰৱেশদ্বাৰ মুকলি কৰে। ইয়াৰ পিছতে বৰপেটাৰ বিশিষ্ঠ সমাজকৰ্মী কুষাণ চৌধুৰীয়ে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে।
প্ৰতিমূৰ্তি উন্মোচনৰ পিচতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰপেটা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অনিল কুমাৰ দাসে। এই সভাত সমাজকৰ্মী দেৱাদীব দাসে যুগজয়ী জুবিন শীৰ্ষক স্মাৰক পুস্তিকা এখন উন্মোচন কৰে।

অনুষ্ঠানত বৰপেইটা ফেচবুক ফ’ৰামৰ কৰ্মকৰ্তা আৰু বৰপেটাৰ ৰাইজ উপস্থিত থাকে। আজি সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে বুলি জানিব দিয়ে উদ্যোক্তাসকলে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব পাৰ্থ প্ৰতীম বৈশ্য আৰু স্থানীয় শিল্পী।
লগতে পঢ়ক: Karbi Folk Dance: ১৫ হাজাৰ শিল্পীয়ে কাৰ্বি লোকনৃত্য পৰিৱেশনেৰে গঢ়িলে বিশ্ব অভিলেখ
