সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন গাৰ্গ ঘটনাৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তৰ
জামিনৰ বাবে আবেদন কৰি তৎ পোৱা নাই জুবিন গাৰ্গ হত্যাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই । এইবাৰ উচ্চতম ন্যায়ালয়তো জামিন আবেদনক লৈ মুখ থেকেচা শ্যামকানুৰ (Shyamkanu Mahanta Bail Plea) ।
১৭ আগষ্ট, সোমবাৰে উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত গোচৰৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আৱেদন নাকচ কৰে । ৫ অক্টোবৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে (Zubeen Garg Death Case) ।
ন্যায়াধীশ বি ভি নাগাৰথনা আৰু ন্যায়াধীশ আৰ মহাদেৱন গঠিত এখন বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ আৱেদনৰ শুনানি গ্ৰহণ কৰে । শুনানিৰ সময়ত ৰাজ্য চৰকাৰে আদালতক বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে আৰু জনায় যে এই ঘটনাৰ বিচাৰৰ কাম-কাজ ইতিমধ্যে আৰম্ভ হৈছে । গোচৰটো সন্দৰ্ভত ৩৯৪ গৰাকী সাক্ষীৰ ভিতৰত ১৪ আগষ্টলৈ ৯৪ গৰাকী ভাষ্য গ্ৰহণ কৰা হৈছে বুলিও ৰাঝ্য চৰকাৰে আদালতক জনায় (Zubeen Garg Case) ।
লগতে ৰাজ্য চৰকাৰে আদালতক অৱগত কৰে যে, তদন্তৰ সময়ত তদন্তচকাৰী বিষয়াৰ ওচৰত ছিংগাপুৰৰ সাক্ষীসকলে ইতিমধ্যে নিজৰ ভাষ্য প্ৰদান কৰিছে ।
ইফালে সৰ্বোচ্চ ন্যায়ালয়ে অসম চৰকাৰক মৌখিকভাৱে যিমান পাৰি সোনকালে দ্ৰুতগতিত এই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ পৰামৰ্শ দিয়ে ।
শ্যামকানুৰ জামিন আৱেদন নাকচ হোৱাৰ পিছতে সামাজিক মাধ্যমত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে এয়া সমূহীয়া প্ৰাৰ্থনাৰ শক্তি বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ফেচবুকত তেওঁ লিখিছে-“সমূহীয়া প্ৰাৰ্থনাৰ শক্তি এইয়া.. প্ৰতিজন সঁচা অসমীয়াৰ হৃদয়ৰ মনোকামনা এইয়া.. দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা অমূলক নহয় কেতিয়াও । ভগৱান সদায় সত্যৰ পক্ষতে থাকিব ।“
লগতে পঢ়ক : প্ৰবীণ ৰাজনীতিবিদ হেমেন দাসৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
