Voice of Eastern India

মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা


৩১ মে’ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে

অৱশেষত অন্ত পৰিল সকলো জল্পনা-কল্পনাৰ । অহা ৫ জুনত হ’ব অসমৰ ৰাজ্যিক মন্ত্ৰী পৰিষদৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণ । আজি ৩১ মে’ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ইয়াৰ লগে লগে বিজেপি নেতৃত্বাধীন এন ডি এ (NDA) চৰকাৰখনত নতুন কোন কোন মুখ অন্তৰ্ভুক্ত হ’ব, তাক লৈ চলি থকা চৰ্চাই এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে ।

সামাজিক মাধ্যম এক্সত (X) এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয়-

“মই অত্যন্ত আনন্দৰে জনাবলৈ পাইছোঁ যে ২০২৬ চনৰ ৫ জুনত অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সম্প্ৰসাৰণ কৰা হ’ব ।”

এমাহ নৌহওঁতেই নতুন কেবিনেট :

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত এন ডি এৰ বিপুল বিজয়ৰ পিছত ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰাৰ এতিয়াও এমাহ সম্পূৰ্ণ হোৱা নাই । যোৱা ১২ মে’ত চাৰি গৰাকী মন্ত্ৰীৰ সৈতে তেওঁ শপত গ্ৰহণ কৰিছিল । বৰ্তমান চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ হাততে থকাৰ বাবে প্ৰথমৰে পৰাই এক বৃহৎ কেবিনেট সালসলনি আৰু নতুন নিযুক্তিৰ প্ৰত্যাশা কৰা হৈছিল । বিধানসভাৰ অধিৱেশন শেষ হোৱাৰ পিছতে জুনৰ প্ৰথম সপ্তাহত এই সম্প্ৰসাৰণ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে পূৰ্বেই ইংগিত দিছিল ।

কাৰ কাৰ নাম থকাৰ সম্ভাৱনা ?

ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, এই কেবিনেট সম্প্ৰসাৰণত বিজেপি আৰু ইয়াৰ মিত্ৰদলসমূহৰ অভিজ্ঞ তথা জ্যেষ্ঠ নেতাৰ লগতে কেতবোৰ নতুন মুখৰ এক সুন্দৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যাব । অৱশ্যে, মন্ত্ৰীসভাত নতুনকৈ কোন কোন অন্তৰ্ভুক্ত হ’ব, সেই নামসমূহ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে ৰাজহুৱা কৰা নাই ।

লক্ষ্য এন ডি এ ৩.০ চৰকাৰৰ পূৰ্ণাংগ ৰূপ :

নতুন চৰকাৰ গঠনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰিছিল যে অসম কেবিনেটত সৰ্বমুঠ ১৮ৰ পৰা ১৯ জন মন্ত্ৰী থাকিব পাৰে । অৱশ্যে দলীয় কেন্দ্ৰীয় নেতৃত্বৰ সৈতে চূড়ান্ত আলোচনাৰ পিছতহে এই নামসমূহ নিশ্চিত কৰা হ’ব । অহা পাঁচ বছৰৰ বাবে ৰাজ্যখনত সুশাসন আৰু উন্নয়নৰ এজেণ্ডাক ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাবলৈ ‘এন ডি এ ৩.০’ চৰকাৰৰ এই পূৰ্ণাংগ গাঁথনি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক : ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Source link



Source link

Leave A Reply

Your email address will not be published.