হোটেল বিলাস ইনত হোৱা হত্যাকাণ্ডক লৈ প্ৰথমবাৰৰ বাবে মন্তব্য কৰিছে একমাত্ৰ সাক্ষী সত্যেন্দ্ৰ পাঠকে ।
২৬ অক্টোবৰত গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত হোটেল বিলাস ইনত ঘাতক ঘনকান্ত গগৈয়ে ৫ গৰাকীকৈ লোকক হত্যা কৰিছিল। তাৰ মাজতে সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰে সত্যেন্দ্ৰ পাঠকৰ।
চিকিৎসালয়ৰ পৰা সুস্থ হৈ এতিয়া ঘৰলৈ উভতি হৈছে সত্যেন্দ্ৰ পাঠক। নৃশংস হত্যাকাণ্ডৰ একমাত্ৰ সাক্ষী সত্যেন্দ্ৰ পাঠকে প্ৰথমবাৰলৈ বিৱৰি ক’লে সেই অভিশপ্ত ২৬ অক্টোবৰৰ দিনা কি হৈছিল হোটেল বিলাস ইনত।
সত্যেন্দ্ৰ পাঠকে কয় যে, ঘনকান্তই ভূদেৱ ভৰালীক বাৰে বাৰে ফোন কৰিছিল।বিলাস ইনত উপস্থিত হৈয়ে দেৱৰ্ষিৰ গাড়ী আঁতৰাবলৈ কৈছিল ঘনকান্তই।ঘনকান্তই প্ৰথমে গালি দেৱৰ্ষিক পাৰিছিল । কি কৈছিল ভালদৰে শুনা পোৱা নাছিলো যদিও তৰ্কা-তৰ্কিৰ উমান পাইছিলো।
সত্যেন্দ্ৰ পাঠকে কয় যে, তাৰ পিছতেই ঘনকান্ত জোৰকৈ বিলাস ইনৰ ভিতৰলৈ সোমাই গৈছিল।তেতিয়াই ঘনকান্তৰ জিঘাংশু ৰূপ দেখিবলৈ পাইছিলো। মই গ্লাচৰ বাহিৰৰ পৰাই সমগ্ৰ দৃশ্য দেখি আছিলোঁ।ইজনৰ পিছত সিজনলৈ ঘনকান্তই কৰি গৈছিল গুলীচালনা। তাকে দেখি নাৰায়ণ দাসে মোক পলাবলৈ কৈছিল যদিও তেওঁৰ দেহত ঘনকান্তৰ গুলী লাগে। মই কেৱল ভগৱানৰ নাম লৈ আছিলো আৰু তাৰ পৰা দৌৰ মাৰিছিলো। কিন্তু পিছফালে ঘূৰোতেই মোৰ হাতত ঘনকান্তই গুলীচালনা কৰিছিল।
