বানৰ বিভীষিকাৰ মাজতো অটুট দেশপ্ৰেম, নেপালী খুঁটিত উদযাপন স্বাধীনতা দিৱস
এফালে বানৰ তাণ্ডৱত ঘৰ-দুৱাৰ বোকাৰে পোত গৈছে, আনফালে সেই বোকাৰ মাজতেই সগৌৰৱে উৰিল ত্ৰিৰংগা। ধ্বংসস্তূপৰ মাজত থিয় হৈ বানপীড়িত গাঁওবাসীয়ে যিদৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে, সেই দৃশ্যই এতিয়া সকলোৰে হৃদয় জয় কৰিছে।
শিৱসাগৰৰ নাজিৰাৰ বান বিধ্বস্ত নেপালী খুটি গাঁৱত দেখা গ’ল দেশপ্ৰেমৰ এনে এক অনন্য ছবি। শেহতীয়া ভয়াৱহ বানে গাঁওখনত ব্যাপক ক্ষতিসাধন কৰি গাঁওবাসীক অথাই সাগৰত পেলাই যোৱাৰ পাছতো গাঁওবাসীয়ে উদযাপন কৰিলে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস ।

অঞ্চলটোত বানৰ পানী আঁতৰিল যদিও এৰি থৈ গ’ল ধ্বংসৰ চিন। ঘৰ-দুৱাৰ ডাঠ বোকা-পলসত পোত গ’ল। মানুহৰ লগতে জীৱ-জন্তুৰো ব্যাপক ক্ষতি হ’ল। বহু পৰিয়ালে নিজৰ ঘৰ এৰি সাহায্য শিবিৰ আৰু অস্থায়ী আশ্ৰয়স্থলত থাকিবলগীয়া হ’ল।

কিন্তু ১৫ আগষ্টৰ দিনটোত সকলো দুখ-কষ্ট যেন কিছু সময়ৰ বাবে আঁতৰাই ৰাখিলে গাঁওবাসীয়ে।
এই ভয়ংকৰ দুৰ্যোগে দি যোৱা এসাগৰ দুখ-শোকৰ মাজতো স্বাধীনতা দিৱসৰ দিনটোত গাঁওবাসী একত্ৰিত হ’ল। ধ্বংসস্তূপত পৰিণত হোৱা মাটিৰ এডোখৰ পৰিষ্কাৰ কৰিলে। তাৰ পাছতেই সেই স্থানত উত্তোলন কৰিলে দেশৰ ত্ৰিৰংগা পতাকা।

চাৰিওফালে বোকা, চকুৰ সন্মুখত বানৰ ধ্বংসৰ চিন- তথাপিও আকাশত উৰিল ত্ৰিৰংগা। এই দৃশ্যই যেন কৈ গ’ল, বানে ঘৰ ভাঙিব পাৰে, কিন্তু দেশৰ প্ৰতি থকা ভালপোৱা ভাঙিব নোৱাৰে।
উল্লেখযোগ্য যে প্ৰায় ২৫ বছৰতকৈও অধিক সময় ধৰি শিৱসাগৰ অঞ্চলটো ভয়াৱহ বানৰ পৰা তুলনামূলকভাৱে সুৰক্ষিত আছিল। আহোম সাম্ৰাজ্যৰ প্ৰাচীন ৰাজধানী হিচাপে পৰিচিত এই অঞ্চলৰ পুখুৰী, দৌল-দেৱালয় আৰু চাহ বাগিচাসমূহত বহু বছৰ ধৰি বানৰ পানী সোমোৱা নাছিল।
কিন্তু ২০২৬ চনৰ জুলাই মাহৰ এটা নিশাই যেন সকলো সলনি কৰি দিলে। হঠাৎ অহা পানীয়ে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বহু অঞ্চল ধ্বংসস্তুপত পৰিণত কৰিলে । প্ৰায় ৮০০খন গাঁও বানৰ কৱলত পৰিল। দিখৌ নদীৰ জলস্তৰ পূৰ্বে ৰেকৰ্ড হোৱা সৰ্বোচ্চ স্তৰকো অতিক্ৰম কৰিলে। হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ বোকা-পলসেৰে ভৰি পৰাত বহু লোকে মথাউৰি আৰু পথৰ কাষত নিশা কটাবলৈ বাধ্য হ’ল।

এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো নেপালী খুটি গাঁৱৰ এই দৃশ্যই আন এক বাৰ্তা দিলে- সংকট যিমানেই ডাঙৰ নহওক, স্বাধীনতাৰ গৌৰৱ আৰু দেশপ্ৰেমৰ অনুভূতি মানুহৰ মনৰ পৰা মচি পেলাব নোৱাৰে।
লগতে পঢ়ক : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নতুনকৈ আঠখন উপ-জিলা ঘোষণা মুখ্যমন্ত্ৰীৰ
