সৰু-ডাঙৰ মিলিত সমগ্ৰ বৰপেটা জিলাত ১৬ খনৰো অধিক ৰাস মহোৎসৱ উদযাপন কৰা হয় ।বৰপেটা জিলা উপায়ুক্ত আৰু বৰপেটা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত ৰাস মহোৎসৱকলৈ বিশেষ আলোচনা সভা অনুষ্ঠিত ।
বৰপেটাৰ পৰা মইদুল ইছলাম: ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া ৰাস মহোৎসৱকলৈ প্ৰতিখন জিলা প্ৰশাসন আৰু জিলাতে আৰক্ষী প্ৰশাসনৰ বিশেষ ভাৱে প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে ।সমান্তৰালভাৱে বৰপেটা জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সমগ্ৰ জিলাখনতে ৰাস মহোৎসৱ শান্তিপূৰ্ণ ভাৱে আয়োজন কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱকলৈ বৰপেটা জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন শান্তি শৃংখলা অটুত ৰখাৰ স্বাৰ্থত সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিছে জিলা খন । বৰপেটা জিলাখনত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক ৰাস মহোৎসৱ শান্তিপূৰ্ণ, সুচাৰু আৰু সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যেৰে বৰপেটা জিলা প্ৰশাসনে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে ।
উৎসৱৰ প্ৰাকমুহূৰ্তত প্ৰস্তুতিৰ পৰ্যালোচনা আৰু প্ৰয়োজনীয় ব্যৱস্থা সমূহ আলোচনা কৰাৰ উদ্দেশ্যৰে বৰপেটা জিলা আৱৰ্ত ভৱনৰ সন্মিলন কক্ষত জিলা আয়ুক্ত নৱদীপ পাঠকৰ পৌৰোহিত্যত এক সমন্বয় সভা অনুষ্ঠিত হয়।
এই সভাত বৰপেটা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত সকল, অতিৰিক্ত আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, পৌৰসভাৰ কাৰ্যবাহী বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগতে বিভিন্ন ৰাস মহোৎসৱ উদযাপন সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
সভাত জিলা আয়ুক্ত গৰাকীয়ে ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচী যাতে কোনো সমস্যা নোহোৱাকৈ সম্পন্ন হয়, তাৰ বাবে সংশ্লিষ্ট সকলো বিভাগ আৰু ৰাস সমিতিৰ মাজত সুদৃঢ় সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত আইন-শৃংখলা, নিৰাপত্তা ব্যৱস্থা, যাতায়াত নিয়ন্ত্ৰণ, অগ্নি নিৰ্বাপণ ব্যৱস্থা, বিদ্যুৎ যোগান, খোৱাপানী, অনাময়, স্বাস্থ্যসেৱা আৰু অন্যান্য জৰুৰী ৰাজহুৱা সুবিধাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় । বৰপেটা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই মহোৎসৱৰ সমগ্ৰ সময়ছোৱাত দৰ্শনাৰ্থী আৰু ভক্তসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা, ফলপ্ৰসূ ভিৰ ব্যৱস্থাপনা আৰু সজাগতাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।
জিলা খনৰ বিভিন্ন ৰাস সমিতিৰ প্ৰতিনিধি সকলেও নিজ নিজ চিন্তা, প্ৰয়োজনীয়তা আৰু পৰামৰ্শসমূহ ডাঙি ধৰে । এই বিষয়সমূহৰ প্ৰতি সময়মতে ব্যৱস্থা গ্ৰহণ আৰু প্ৰশাসনৰ ফালৰ পৰা প্ৰয়োজনীয় সাহায্য নিশ্চিত কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট বিষয়া সকলৰ সৈতে আলোচনা কৰা হয় । আনহাতে মন কৰিবলগীয়া যে জিলা খনত সৰু-ডাঙৰ মিলিত সমগ্ৰ বৰপেটা জিলাতে ১৬ খনৰো অধিক ৰাস মহোৎসৱ উদযাপন কৰা হয় বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, ঐতিহাসিক ৰাস মন্দিৰত অনুষ্ঠিত হোৱা হাউলীৰ ৰাস মহোৎসৱ হৈছে অসমৰ অন্যতম বৃহত্তম ৰাস উৎসৱ, যিয়ে প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্ত তথা দৰ্শনাৰ্থীক আকৰ্ষিত কৰে । বৰপেটা জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে ৰাস মহোৎসৱ শান্তিপূৰ্ণ ভাৱে আয়োজন কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে ।
লগতে পঢ়ক: ‘ঘনকান্তই প্ৰথমে দেৱৰ্ষিক…’; হোটেল বিলাস ইন কাণ্ডৰ সন্দৰ্ভত সত্যেন্দ্ৰ পাঠকৰ চাঞ্চল্যকৰ বৰ্ণনা
